অসমৰ চাহ উদ্যোগলৈ তীব্ৰ ভাবুকি : প্ৰতি কেজি চাহৰ মূল্য হ্ৰাস পাইছে ৪৪.৪৯ টকাকৈ

Share

বন্দনা হাজৰিকা

ৰাজ্যৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা চাহপাতৰ মূল্য একেবাৰে হ্ৰাস পোৱাত গভীৰ সংকটত পৰিছে চাহপাতৰ উদ্যোগ । শেহতীয়াকৈ প্ৰতি কেজি চাহৰ মূল্য হ্ৰাস পাইছে ৪৪.৪৯ টকাকৈ । এই হাৰ বিগত বৰ্ষৰ তুলনাত ১৮ শতাংশলৈ হ্ৰাস পাইছে । নৰ্থ ইষ্টাৰ্ন টী এছ’চিয়েচনৰ অধ্যক্ষ সুনীল জালানে জনোৱা অনুসৰি গুৱাহাটী চাহ নিলাম কেন্দ্ৰত চি টি চি পদ্ধতিৰে তৈয়াৰ কৰা চাহৰ নিলাম মূল্য হৈছে ২০৮. ০২ টকা । ইয়াৰ মূল্য বিগত বৰ্ষত এপ্ৰিলৰ পৰা জুলাইলৈ আছিল ২৫২.২১ টকা । অৰ্থাৎ এই বৰ্ষৰ চাহৰ নিলাম দৰ প্ৰতি কেজি মেড টীত ৪৪.১৯ টকালৈ অৱনমিত হৈছে । মাত্ৰ ৯ শতাংশ উৎপাদিত চাহ প্ৰতি কেজিত ৩০০ টকাতকৈ অধিক মূল্যত বিক্ৰী কৰা হৈছে । বাকী ৫১ শতাংশ চাহ ২০০ টকাৰ দৰো লাভ কৰিবলৈ সক্ষম নহল । ইয়ে ৰাজ্যৰ চাহ উদ্যোগলৈ অশনি সংকেত কঢ়িয়াই আনিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *