সুস্মিতা বৰা
৬,আগষ্ট: ক’ভিডৰ ভয়াবহ পৰিস্থিতি ৰ বাবে বিগত চাৰিমাহ ধৰি বজাৰ সমূহ বন্ধ হৈ আছে। আৰু যাৰ ফলত শ শ ব্যৱসায়ীৰ বৰ্তমান পানীত হাহ নচৰাৰ দৰে হৈ পৰিছে। ৰাজ্য চৰকাৰৰ নতুন এছ অ পি খনতো সাপ্তাহিক বজাৰ সমূহ খোলাক লৈ কোনো ধৰনৰ নিৰ্দেশনা দাঙি নধৰা পাছত ব্যৱসায়ী সকল যেন আৰু বিমোৰত পৰিছে, সেয়েহে বজাৰ ব্যৱসায়ী সন্থাই ক’ভিডৰ সকলো নীতি-নিয়ম মানি সপ্তাহিক বজাৰ সমূহ খোলাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে,লগতে কয় যে বৰ্তমান সময়ত ক্ষুদ্ৰ ব্যৱসায়ী সকলক ৰাজ্য চৰকাৰে সাহায্য প্ৰদান কৰাটো কৰ্তব্য আৰু দায়িত্ব, কিয়নো বিগত বছৰটো ক’ৰনাৰ বাবে বহুত খিনি ক্ষ্যতি হ’ল আকৌ এইবাৰো একেই অৱস্থা,কিন্তু চৰকাৰৰ কোনো কান মন নথকাৰ বাবে এইবাৰ তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে।