ছিনিয়ৰ এছিয়ান দলীয় প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব অসমৰ শ্বাটলাৰ

Share

গুৱাহাটী,১০ জানুৱাৰীঃ ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপ জয় কৰাৰ পিছত এতিয়া আন্তঃৰাষ্ট্ৰীয় খিতাপৰ প্ৰতি দৃষ্টি ৰাখিছে সুৰজ গোৱালাৰ ।অতি উল্লাসৰ বিষয়ত অসমৰ যুৱ শ্বাটলাৰ সুৰজ গোৱালাই কৰ্ণাটকৰ প্ৰীতম কে ৰয়ৰ সৈতে মিলি চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মালায়েছিয়াত অনুষ্ঠিত হ’বলগীয়া ছিনিয়ৰ এছিয়ান বেডমিণ্টন টিম চেম্পিয়নশ্বিপ ২০২৪ত ভাৰতক প্ৰতিনিধিত্ব কৰিব । বৰাক ভেলীৰ পৰা অহা সুৰজে বৰ্তমান ইন্দোৰত অনুষ্ঠিত হোৱা নেশ্যনেল ইউনিভাৰ্চিটি গেমছত খেলি আছে ।দ্য আছাম ট্ৰিবিউনৰ সৈতে হোৱা কথা-বতৰাত সুৰজে সুখ প্ৰকাশ কৰি কয় যে যদিও মই ২০১৮চনত ম্যানমাৰত জুনিয়ৰ পৰ্যায়ত দেশৰ হৈ খেলাটো একেবাৰে গৌৰৱৰ অনুভৱ আৰু মই ভাৰতৰ হৈ খেলিবলৈ ৰৈ থাকিব নোৱাৰো । উল্লেখ কৰিব পাৰি যে চিৰাজ শ্বেট্তী, সাতৱিকচৈৰাজ ৰণকিৰেড্ডী, ধ্ৰুৱ কপিলা, এম আৰ অৰ্জুনকে ধৰি দলটোৰ লগতে থাকিব সুৰজ । ইফালে, সুৰজৰ ৰাষ্ট্ৰীয় নিৰ্বাচনে ৰাজ্যখনৰ আৰু বিশেষকৈ বৰাক উপত্যকাৰ ক্ৰীড়াপ্ৰেমীসকলৰ বাবে আনন্দৰ এক বৃহ९ কাৰণ দিছে । লখিমপুৰৰ বিধায়ক কৌশিক ৰায়, শিলচৰ ডি এছ এৰ সভাপতি শিলাব্ৰত দত্ত, সম্পাদক অতনু ভট্তাচাৰ্জী আদিয়েও শ্বাটলাৰগৰাকীক অভিনন্দন জনোৱাৰ লগতে শুভেচ্ছা ।

Leave a Reply

Your email address will not be published. Required fields are marked *