অপেক্ষাৰ অন্ত পেলাই ঝুমুইৰ বিনন্দিনীত ঝুমুৰ নৃত্যৰ তালত সোমবাৰে সৰুসজাইত এক নতুন ইতিহাসৰ সূচনা হ’ল গুঞ্জৰিত হৈ উঠে মাদল,ধমচা,বাঁহী,তালৰ সুৰধ্বনি।ইমান দিনে ২০০ বছৰীয়া শোষণ,বঞ্চনাৰ কৱলত থকা এই শ্ৰমজীৱি লোকসকলক যেন ন্যায়হে দিলে অসম চৰকাৰে।এই ঝুমুইৰ বিনন্দিনীত প্ৰায় ১৬ মিনিট ৩২ ছেকেণ্ডৰ এই নৃত্যত ৰাজ্যৰ প্ৰায় ৮০০খন চাহ বাগিচাৰ শিল্পী তথা প্ৰতিনিধি উপস্থিত থাকে।ঝুমুৰ নৃত্য পৰিৱেশন কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ বাগানৰ লাইনৰ ভূমিত অধিকাৰ যি ঐতিহাসিক ঘোষণা কৰিলে সেই ঘোষণাই যেন তেওঁলোকৰ দুটা শতিকাৰ বহ যন্ত্ৰণাই শেষ কৰি পেলালে।ঝুমুৰ নৃত্যক বিশ্ববাসীৰ সৈতে চিনাকী কৰাই দিয়াৰ মূল লক্ষ্য আছিল অসম চৰকাৰৰ।এই অনুষ্ঠানত সাক্ষী হৈ ৰল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী লগতে বিদেশ মন্ত্ৰী এছ জয় শংকৰ, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক ছাহা,পৱিত্ৰ মাৰ্ঘেৰিটাকে ধৰি অসম চৰকাৰৰ সকলো মন্ত্ৰী, সাংসদ আদিৰ উপস্থিতিত ৮৮০০ৰো অধিক শিল্পীয়ে পৰিৱেশন কৰিলে ঝুমুৰ নৃত্য।ইয়াৰ লগতে এই বিনন্দিনীত উপভোগ কৰিলে ৬০ খন দেশৰ ২০০ ৰো অধিক প্ৰতিনিধিয়ে।