গুৱাহাটী, ৩০ জানুৱাৰী:৩১ জানুৱাৰীৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁও জিলাৰ বাৰপূজীয়াত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ একাদশ বিশেষ অধিৱেশন ।অধিবেশনৰ কাম ইতিমধ্যে প্ৰায় সংখ্যক শেষ হৈছে। অধিবেশন ক্ষেত্র পৰিদৰ্শন ৰ বাবে উপস্থিত হয় অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভানেত্ৰী মৃণালিনী দেৱী ৷অধিবেশনত একেলগে দহ হাজাৰ লোক বহিব পৰাকৈ নিৰ্মাণ কৰা হৈছে মূল সভা মণ্ডপ। লগতে একেলগে পোন্ধৰ হাজাৰ লোকে আহাৰ গ্ৰহণ কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে ভোজনালয় গৃহ। ইয়াৰোপৰি মূল প্ৰৱেশদ্বাৰ অসমৰ বিভিন্ন সংস্কৃতিৰ প্ৰয়োভৰে নিৰ্মাণ কৰা হৈছে ।