ঘোষণা কৰা হ’ল ২০২০ চনৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল

Share
নিউজ ডেস্ক,২২ অক্টোবৰঃঅসম লোকসেৱা আয়োগ ২০২০ বৰ্ষৰ ফলাফলত শীৰ্ষস্থান লাভ কৰে বাক্সা জিলাৰ নিকাছিৰ বিজিত পাঠকে আনহাতে দ্বিতীয় স্থান লাভ কৰে জুৰি কলিতা আৰু তৃতীয় স্থান লাভ কৰে জেবিন গুল্লাৰে।

ইয়াৰ উপৰিও APS পদত শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে কৰৱী বণিয়া আনহাতে এপিএছৰ দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে ক্ৰমে নয়নমণি বৰা আৰু দক্ষিণ কামৰূপৰ অন্তৰ্গত মিৰ্জাৰ স্কৌশিক কলিতাই।

উল্লেখ্য যে, ২০২০ বৰ্ষৰ APSC পৰীক্ষাত ACS পদৰ বাবে বাছনি কৰা হৈছে মুঠ ১২১ গৰাকী প্ৰাৰ্থীক। সেইদৰে APS ৰ বাবে বাছনি কৰা হৈছে ৬৯ গৰাকী প্ৰাৰ্থীক।

লগতে কৰ অধীক্ষক পদৰ বাবে ৬গৰাকী প্ৰাৰ্থীক বাছনি কৰা হৈছে
আৰু ডিটিঅ’ পদৰ বাবে বাছনি কৰা হৈছে ৫ গৰাকী প্ৰাৰ্থীক ৷

একেদৰে শ্ৰম পৰিদৰ্শকৰ বাবে ১৮গৰাকীক, কৰ পৰিদৰ্শকৰ বাবে ২৭ গৰাকীক আৰু আবকাৰী পৰিদৰ্শক পদত ৭ গৰাকী প্ৰাৰ্থীক বাছনি কৰা হৈছে।

তদুপৰি বিডিঅ’ পদৰ বাবে ৩৩গৰাকীক, সহঃ নিয়োগ বিষয়া পদত ৪ গৰাকীক আৰু উপ-পঞ্জীয়ক পদৰ বাবে বাছনি কৰা হৈছে ৩১ গৰাকী প্ৰাৰ্থীক। 

Leave a Reply

Your email address will not be published. Required fields are marked *