নিউজ ডেস্ক, ১৮ জুলাইঃ এতিয়াৰ পৰা আপোনালোকৰ ফেচবুক পেজত অসম আৰক্ষীৰ তীক্ষ্ণ দৃষ্টি। আলফাৰ সমৰ্থত পোষ্ট দিলে ৰঙা ঘৰৰ আলহি হ’ব লাগিব আপুনি। বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ পাছত এইবাৰ আন এজন ছাত্ৰ গ্ৰেপ্তাৰ।আলফাৰ সমৰ্থত ৰাজহুৱা ভাৱে ফেচবুকত পোষ্ট দি জেললৈ যাব লগা হ’ ল ছাত্ৰজন।
কলাইগাঁৱত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল প্ৰমোদ কলিতা নামৰ এইজন ছাত্ৰ। কলাইগাঁৱৰ বৰঙাবাৰীৰ কেশৱ কলিতাৰ পুত্ৰ প্ৰমোদ কলিতা। টংলা কলেজ চতুৰ্থ ষান্মাসিক ছাত্ৰ প্ৰমোদ। কিছুদিন পূৰ্বে এই ছাত্ৰজনে আলফাৰ সমৰ্থত পোষ্ট দিয়া বাবে ৰঙা ঘৰৰ আলহী হ’ল।শেহতীয়াভাৱে অসম আৰক্ষী আলফাৰ বিৰুদ্ধে অধিক সক্ৰিয় হৈ পৰিছে।