যৌন নিৰ্যাতনৰ বলি হোৱা শিশুৰ বিৰুদ্ধে অসম আৰক্ষীৰ নতুন নিৰ্দেশনা

Share

অসম আৰক্ষীয়ে শেহতীয়াকৈ যৌন নিৰ্যাতনৰ বলি শিশু তথা তেনে শিশুৰ পৰিচয় প্ৰকাশ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিছে।

যৌন নিৰ্যাতনৰ বলি হোৱা শিশুৰ পৰিচয়ৰ লগতে তেওঁৰ পৰিয়ালৰো সম্পূৰ্ণ পৰিচয় সংবাদ মাধ্যমত সততেই প্ৰচাৰ হোৱা বিষয়টোক লৈ বাৰুকৈয়ে বিৰক্ত হৈ পৰিছে অসম আৰক্ষী।ইয়াৰ জৰিয়তে অসম আৰক্ষীয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰিবলৈ বাধ্য হৈছে।

উল্লেখযোগ্য যে, শেহতীয়াকৈ মাৰ্ঘেৰিটাত যৌন নিৰ্যাতনৰ বলি হৈ মৃত্যু হোৱা এটি শিশুৰ সবিশেষ ৰাজ্যৰ একাংশ সংবাদ মাধ্যমত একেৰাহে সম্প্ৰচাৰ কৰি থকা হৈছে।সংবাদ মাধ্যমৰ এই কাৰ্যত বিৰক্ত হৈ আজি অসম আৰক্ষীয়ে কালি নিশা এক সতৰ্কতা জাৰি কৰিছে।

অসম আৰক্ষীয়ে জাৰি কৰা সৰ্তকতাটোত পকচো,আইনৰ ২৩ (২) ধাৰাৰ উদ্ধৃতি দি কোৱা হৈছে যে এই কঠোৰ আইনৰ উক্ত ধাৰা অনুসৰি যৌন নিৰ্যাতনৰ বলি হোৱা কোনো শিশুৰ পৰিচয় অৰ্থা নাম, ঠিকনা , ফটো, পৰিয়ালৰ সবিশেষ, অধ্যয়নৰত বিদ্যালয়ৰ নাম, চুবুৰীয়া অঞ্চল বা অন্য কোনো সবিশেষ প্ৰকাশ কৰাটো নিষিদ্ধ যিটোৰ জৰিয়তে শিশুটোৰ পৰিচয় প্ৰকাশ হব পাৰে।আনহাতে এই আইনৰ অধীনত যৌন নিৰ্যাতনৰ বলি হোৱা শিশুৰ কেৱল নাম প্ৰকাশ কৰাটোৱে নিষিদ্ধ নহয়, সংবাদ মাধ্যমে শিশুটি সম্পৰ্কীয় এনে কোনো তথ্যই প্ৰকাশ কৰিব নোৱাৰে , যাৰ জৰিয়তে নিৰ্যাতনৰ বলি হোৱা শিশুটোৰ পৰিচয় ব্যক্ত হব পাৰে।

এনে কঠোৰ বিধি -বিধান থকা সত্ত্বেও ৰাজ্যখনত একাংশ সংবাদ মাধ্যমে নিৰ্বিবাদে যৌন নিৰ্যাতনৰ বলি হোৱা শিশুৰ নাম- ঠিকনাতে ক্ষান্ত নাথাকি শিশুটিৰ বিভিন্ন দিশ সম্প্ৰচাৰ কৰি আহিছে।লক্ষনীয় যে এই ঘটনা আগতেও সংঘটিত হৈ আহিছে ।অসম আৰক্ষীয়ে এই ক্ষেত্ৰত এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।কিন্ত যোৱা নিশা এই বিষয়টোৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে বিশেষ গুৰুত্ব দিয়া হৈছে, যাৰ বাবে অসম আৰক্ষীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই সৰ্তকতা জাৰি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *