অসম আৰক্ষীৰ বৃহ९ সাফল্য

Share

স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত অসম আৰক্ষীৰ বৃহ९ সাফল্য। আত্মপ্ৰকাশ কৰাৰ আগতেই কোকৰাঝাৰ আৰু চিৰাং আৰক্ষীৰ জালত শীৰ্ষ নেতাসহ ২০ নতুন উগ্ৰপন্থী সংগঠনৰ সদস্য। জব্দ কৰা হৈছে বৃহ९ পৰিমাণৰ মৰণাস্ত্ৰ আৰু বিস্ফূৰক সামগ্ৰী।
যোৱা জুলাই মাহত বিটিআৰ ৰ চিৰাং আৰু কোকৰাঝাৰ আৰক্ষীয়ে পৃথকে অভিযান চলাই বৃহ९ পৰিমাণৰ মৰণাস্ত্ৰৰ লগতে বিস্ফূৰক সামগ্ৰী জব্দ কৰিছিল। কিন্তু সেই সময়ছোৱাত কোনো লোকক আটক কৰিব পৰা নাছিল।
নিশা চিৰাং আৰক্ষী আৰু কোকৰাঝাৰ আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই এই নৱগঠিত উগ্ৰপন্থী সংগঠনটোৰ শীৰ্ষ পৰ্য্যায়ৰ নেতাসহ ২০ সদস্যক মৰণাস্ত্ৰ আৰু বিস্ফূৰক সহ গ্ৰেপ্তাৰ কৰে।
উদ্ধাৰ হোৱা মৰণাস্ত্ৰসমূহ ক্ৰমে-
* স্বয়ংক্ৰিয় ৰাইফল-৬
* হস্তনিৰ্মিতস ৰাইফল-৪
* মেগাজিনৰ সৈতে পিস্তল-১
* গ্ৰেণেড-৫
* একে ছিৰিজৰ গুলী-৫৪ জাই
* পিস্তলৰ গুলী-৯ জাই
অসম আৰক্ষীৰ সঞ্চালক জি পি সিঙে সামাজিক মাধ্যম X হেণ্ডেলত সদৰি কৰে এই তথ্য।

Leave a Reply

Your email address will not be published. Required fields are marked *