কাছাৰত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ সাফল্য

Share

অসমৰ কাছাৰ জিলাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সাফল্য পোৱা গৈছে। শুকুৰবাৰে নিশা ধলাই আৰু শিলডুবিত চলোৱা দুটা পৃথক অভিযানত প্ৰায় ২৭ কোটি টকাৰ হেৰ’ইনৰ জব্দ কৰে অসম আৰক্ষীয়ে।ধলাই এলেকাৰ চান্নিঘাটৰ পৰা ৫৫ টা হেৰ’ইনৰ পেকেট জব্দ কৰে।পেকেট কেইটাৰ পৰা মুঠ ৭০০ হেৰʼইন জব্দ কৰে ধলাই আৰক্ষীয়ে।হেৰ’ইন সৰবৰাহ কৰা  অভিযোগত তমিজুৰ ৰহমান লস্কৰ নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে।সৰবৰাহ কৰা ব্যক্তি জনৰ ঘৰ ধলাইৰ ৰাজগোবিন্দপুৰত।আৰু আন এক অভিযানত আৰক্ষীয়ে শিলচৰ শিলডুবি দ্বিতীয় খণ্ডৰ পৰা ৪১ টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে। বাকচ কেইটাৰ পৰা ৫০০ গ্ৰাম হেৰʼইন জব্দ কৰা হয়। হেৰ’ইনৰ সৈতে ২ জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে।ধৃত সৰবৰাহকাৰী দুজন কবীৰ আহমেদ বৰভূঞা আৰু এজন ৰাজীৱ উদ্দিন লস্কৰ । দুয়ো পৰা জব্দ কৰা হেৰ’ইনৰ ওজন ১.২ কেজি বুলি আৰক্ষীয়ে সদৰী কৰিছে। জব্দাকৃত হেৰ’ইন খিনিৰ মূল্য প্ৰায় ২৭ কোটি টকা । হেৰ’ইন খিনি চুবুৰীয়া ৰাজ্যৰ পৰা কাছাৰলৈ সৰবৰাহকৰি কাছাৰৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল ড্ৰাগছ ব্যৱসায়ীয়ে। ইফালে,বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰা বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই X হেণ্ডেল আৰু ফেচবুকত কাছাৰ আৰক্ষীক উচ্চ প্ৰশংসা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *