১০ জুনৰ ভিতৰত ১৬,০০০ যুৱক, যুৱতীক নিয়োগ কৰিব অসম আৰক্ষীয়ে

Share
নিউজ ডেস্ক, ৭ এপ্ৰিলঃ অসম আৰক্ষীয়ে কম সময়ৰ ভিতৰত বিভিন্ন পদত ১ লাখতকৈও অধিক যুৱকক নিযুক্তি প্ৰদান কৰিব। ১০ মে’ৰ পৰা ১০ জুনৰ ভিতৰত অসম আৰক্ষীয়ে ১৬০০০ নতুন যুৱক যুৱতীক নিয়োগ কৰিব। চুবুৰীয়া ৰাজ্য মেঘালয়ত অসম আৰক্ষী উপ-পৰিদৰ্শক প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত অংশ লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৬ এপ্ৰিলত এই মন্তব্য কৰে। উল্লেখযোগ্য যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে মে’ মাহৰ ভিতৰত এক লাখ যুৱক-যুৱতীক বিভিন্ন বিভাগত নিযুক্তি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে। 

One thought on “১০ জুনৰ ভিতৰত ১৬,০০০ যুৱক, যুৱতীক নিয়োগ কৰিব অসম আৰক্ষীয়ে

Leave a Reply

Your email address will not be published. Required fields are marked *