স্বৰ্ণকন্যা লাভলীনা বৰগোহাইক সম্বৰ্ধনা জনালে অসম আৰক্ষীয়ে

Share

বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয়ীৰ পিছত অসমত উপস্থিত হোৱা লাভলীনা বৰগোহাইক শুক্ৰবাৰে উস্ম আদৰণি জনালে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে। অসম আৰক্ষীৰ এই সম্বৰ্ধনা অনুষ্ঠানত কেইবাগৰাকীও আৰক্ষী বিষয়া উপস্থিত থাকে। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত লাভলীনা বৰগোহাইক সম্বৰ্ধনা জনোৱাৰ বাবে লগতে  লাভলীনা বৰগোহাইৰ পিতৃ-মাতৃৰ সৈতেও জি পি সিঙে  বাৰ্তালাপ কৰে। 

লাভলীনা বৰগোহাইয়ে তেওঁক  সম্বৰ্ধনা  প্ৰদান কৰা বাবে অসম আৰক্ষীক ধন্যবাদ জনাইছিল। আৰু তাত ভাষণ দি লাভলীনা বৰগোহাইয়ে কয় যে, ”মই অসম আৰক্ষীৰ ওচৰত কৃতজ্ঞ কিয়নো মই ইয়াত লাভ কৰা প্ৰশিক্ষণে মোক মোৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিছে।” লক্ষণীয় যে ২০২২ চনৰ জানুৱাৰী মাহত অলিম্পিকপদক বিজয়ী লাভলীনা বৰগোহাইক অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল। 

আইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অনুষ্ঠিত ৭৫ কিলোগ্ৰামৰ ফাইলেনত অষ্টেলিয়াৰ দুবাৰৰ কমনৱেলথ গেমছপদক বিজয়ী কেটলিন পাৰ্কাৰক ৫-২ গ’লৰ বিভাজনৰ ৰায়ৰ সৈতে পৰাস্ত কৰিবলৈ সক্ষম হয় লাভলীনা বৰগোহাইয়ে। এই জয়ৰ পিছতে লাভলীনা বৰগোহাইয়ে চলিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ সংখ্যাত চতুৰ্থটো সোণৰ পদক লাভ কৰে।  

Leave a Reply

Your email address will not be published. Required fields are marked *