বেজৰ নাকতে খৰ ! কোন হৈ পৰিল এইবাৰ চাইবাৰ অপৰাধীৰ লক্ষ্য ? হোৱাটছ্ এপত বিভিন্নজনলৈ ধন বিচাৰি মেচেজ 

Share
গুৱাহাটী,২৯ এপ্রিলঃ চাইবাৰ অপৰাধীক লৈ সতৰ্কবাণী দি থকাৰ সময়তে এইবাৰ চাইবাৰ অপৰাধীৰ লক্ষ্য হৈ পৰিল খোদ অসম আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত । দুষ্টচক্রই তেওঁৰ নামত ধন সংগ্ৰহ কৰা চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে । ডি জি পি  মহন্তৰ ম’বাইল ফোন হেক কৰি দুষ্টচক্রই তেওঁৰ নামত ধন বিচাৰি প্রেৰণ কৰে বিভিন্নজনলৈ মেচেজ । ডি জি পি ভাস্কৰজ্যোতি মহন্তৰ ফোন নম্বৰৰ সৈতে সংযুক্ত হোৱাটছ্ এপ মেছেঞ্জাৰ হেক কৰে হেকাৰে । আৰু এই হোৱাটছ্ এপৰ জৰিয়তেই বিভিন্নজনলৈ মেচেজ প্রেৰণ কৰে হেকাৰে ।
প্রাপ্ত তথ্য অনুসৰি , ডি জি পিজনে এক বিশেষ সভাত উপস্থিত আছিল আৰু হঠাতে তেওঁক ধনৰ প্রয়োজন হোৱা বুলি ব্যক্ত কৰি গুগল পে’ৰ জৰিয়তে সেই ধন বিচাৰি মেছেজ লাভ কৰা লোকৰ ভিতৰত আছে আৰক্ষীকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়া , আমোলা , ৰাজনীতিক লগতে ব্যৱসায়ী আদি । দৰাচলতে , প্রথমে এই বাৰ্তা বিনিময় কৰাৰ পাছতে স্বয়ং ৰাজ্যৰ ডি জি পিয়ে ধন বিচৰা কথাত মেছেজ লাভ কৰা একাংশ লোকে সন্দেহ প্রকাশ কৰিলেও কিন্তু আন একাংশই সন্দেহ প্রকাশ কৰা নাছিল। কিয়নো বহুলোকে তেওঁ বিচৰাধৰণে ধন প্রদান কৰাৰ তথ্যও পোহৰলৈ আহিছিল যাৰ বাবে গুগল পে’ যোগে বহুলোকে ডি জি পি জনলৈ ধন প্রেৰণ কৰিবলৈ লয় ।
তদুপৰি , সন্দেহ ওপজা একাংশই ভাস্কৰজ্যোতি মহন্তক এই কথা অৱগত কৰাৰ পাছতে তেওঁৰ ম’বাইল হেক হোৱাৰ লগতে তেওঁৰ নামত দুষ্টচক্রই ধন দাবী তথা এনেদৰে ধন সংগ্ৰহ কৰি থকাৰ তথ্য লাভ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *