মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছত যোৱাকালি অসম আৰক্ষীয়ে ৪৫০ জন মধ্যভোগী মাটিৰ দালালক কৰায়ত্ত কৰে

Share

ছাদ্দাম হুছেইন, ২১ চেপ্তম্বৰঃ অসমক ভাৰত বৰ্ষৰ ভিতৰত শ্ৰেষ্ট ৰাজ্য হিচাপে গঢ় দিয়াৰ উদ্দেশ্যে ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য মন্ত্ৰীৰ দায়িত্ব লোৱাৰে পৰাই ৰাজ্যত অপৰাধীৰ বিৰুদ্ধে শুন্য সহনশীলতা নীতি অৱলম্বন কৰিছে। যাৰ ফলস্বৰুপে সমসাময়িক পৰিস্থিতিত অসমত ড্ৰাগচ মাফিয়া, বিভিন্ন চিন্ডিকেট আদি কিছু পৰিমানে হলেও ধ্বংস কৰিবলৈ সক্ষম হৈছে অসম চৰকাৰ তথা প্ৰশাসনে।

এই উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা কিছুদিন পুৰ্বে ৰাজ্যৰ সমুহ ৰাজহ চক্ৰ বিষয়া সকলোক লৈ এক গুৰুত্বপুৰ্ণ সমাৰোহৰ আয়োজন কৰিছিল। এই সমাৰোহত মুখ্যমন্ত্ৰীয়ে চক্ৰ বিষয়া সকলোক কঠোৰ নিৰ্দেশনা দিছিল যে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কোনোধৰণৰ মধ্যভোগী দালালৰ স্থান থাকিব নালাগে। মাটিৰ কাম-কাজক লৈ কোনো ব্যক্তিয়ে দালালি কৰিব নোৱাৰিব।

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছত যোৱাকালি অসম আৰক্ষীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ৪৫০ জন মধ্যভোগী মাটিৰ দালালক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে যে মধ্যভোগী মাটিৰ দালালৰ আৰু এক দীঘল তালিকা চৰকাৰে লাভ কৰিছে। অতি শীঘ্ৰেই বহু চৰকাৰী বিষয়া-কৰ্মচাৰীও আৰক্ষীৰ জালত পৰিব।

লগতে মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰী কোনো কাৰ্যালয়তে মধ্যভোগী দালাল থাকিব নোৱাৰিব। দালালিৰাজ অসমৰ পৰা সম্পুৰ্ণৰুপে মুক্ত কৰিব লাগিব। মানুহ এগৰাকীৰ মৃত্যুৰ চাৰ্টিফিকেট খন পৰ্যন্ত দালালক পইচা দি উলিয়াব লাগে এইখন অসমৰ পৰা, এইয়া এক অতি পৰিতাপৰ বিষয় আৰু এইবোৰ নিৰ্মুল নহলে অসম খনক কোনোপধ্যেয় আগুৱাই লৈ যাব নোৱাৰি আৰু ভাৰতবৰ্ষৰ এখন শ্ৰেষ্ট ৰাজ্য হিচাপেও গঢ় দিয়া অসম্ভৱ বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে।

সচাকৈয়ে মুখ্যমন্ত্ৰী গৰাকীৰ এইধৰণৰ পদক্ষেপ প্ৰশংসনীয়। লক্ষণীয় কথাটো হল চৰকাৰৰ এই পদক্ষেপ সমুহ অনাগত দিনত কাৰ্যকৰীভাৱে অটুট থাকিলে অসম সম্পুৰ্ণৰুপে দালালৰ কৱলৰ পৰা নিশ্চিতভাৱে মুক্ত হব।

Leave a Reply

Your email address will not be published. Required fields are marked *