পুনৰ দুই চোৰাং গৰু সৰবৰাহকাৰীক আটক অসম আৰক্ষীৰ

Share

নিউজ ডেস্ক, ২২ অক্টোৱৰঃ ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰে পৰাই কঠোৰ ব্যৱস্থা লৈছে ছিণ্ডিকেটৰাজৰ ওপৰত। এক প্ৰকাৰ বিভিন্ন ছিণ্ডিকেট বন্ধ কৰিবলৈ সক্ষম হৈছে। তাৰে ভিতৰত ৰাজ্যৰ অবৈধ চোৰাং গৰু সৰবৰাহ এটি অন্যতম ছিণ্ডিকেট। এই গৰু ছিণ্ডিকেট ব্যৱস্থাৰ ওপৰতো ৰাজ্যৰ আৰক্ষী প্ৰশাসনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে বিশেষ ভুমিকা পালন কৰি আহিছে।

মুখ্যমন্ত্ৰীয়ে কঠোৰ আইন বলৱত কৰাৰ পাছতো কিন্তু ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে গৰু ছিণ্ডিকেট। নগাঁও জিলাৰ চামুগুৰিৰ আমবাগানত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ এক অভিযানত দুই চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

চামুগুৰি আমবাগানৰ পৰা বৰঘুলি অভিমুখে গৰু লৈ যোৱা AS-02BC-7053 নামৰ বাহন খন জব্দ কৰে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *