৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা অসম আৰক্ষীৰ

Share
বোমা সম্পৰ্কীয় সঠিক তথ্য দিব পৰা লোকলৈ অসম আৰক্ষীয়ে ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। আৰক্ষীয়ে ৯১৩২৬৯৯৭৩৫ হোৱাটচ এপ নম্বৰ অথবা সামাজিক মাধ্যমত ডাইৰেক্ট মেছেজৰ জৰিয়তে তথ্য প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে।
উল্লেখযোগ্য যে শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন ঠাইৰ লগতে গুৱাহাটীৰ কেইবা ঠাইতো বোমা জাতীয় সামগ্ৰী উদ্ধাৰ হোৱাৰ পাছত অসম আৰক্ষী বিশেষভাৱে তৎপৰ হৈছে। এই উদ্দেশ্যে আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত শীৰ্ষ আৰক্ষী বিষয়াসকলৰ এখন বৈঠকো অনুষ্ঠিত হয়। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে সকলো জিলাৰে আৰক্ষী অধীক্ষক সকলক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।   

Leave a Reply

Your email address will not be published. Required fields are marked *