অসম আন্দোলনৰ নেতা, বিশিষ্ট শিক্ষাবিদ শিৱসিংহ কোঁৱৰৰ দেহাৱসান

Share

ছাদ্দাম হুছেইন,২৩ অক্টোৱৰঃ অসম আন্দোলনৰ নেতা, বিশিষ্ট শিক্ষাবিদ, ৰাজনীতিবিদ শিৱসিংহ কোঁৱৰৰ দেহাৱসান। আজি পুৱা ৯-৩০ বজাত শিৱসাগৰ এ টি ৰোডৰ নিজা বাসগৃহত ৬২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। বিশিষ্ট নেতা গৰাকীৰ বিয়োগত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে শোক প্ৰকাশ কৰে আৰু পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য শাখাত চাকৰি কৰি কৰ্মজীৱন আৰম্ভ কৰিছিল তেখেতে। ইয়াৰ কিছুদিন পিছত অৰ্থাত ১৯৮৫ চনত শিৱসাগৰ কলেজৰ অৰ্থনীতি বিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল।

সুদীৰ্ঘ কাল শিৱসাগৰ কলেজত শিক্ষকতা কৰা কোঁৱৰে শিৱসাগৰ কলেজৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপকৰ দায়িত্ব পালন কৰাৰ লগতে এইখন কলেজৰ পৰাই উপাধ্যক্ষ হিচাপে ২০১৮ বৰ্ষত অৱসৰ গ্ৰহণ কৰে।

উল্লেখ্য যে ছাত্ৰ অৱস্থাৰ পৰাই আছুৰ লগত জড়িত থকা কোঁৱৰে গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ত বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থা গোট প্ৰতিষ্ঠা কৰাত অগ্ৰণী ভূমিকা পালন কৰিছিল।

আঞ্চলিকতাবাদ ধাৰাত বিশ্বাস কৰা কোঁৱৰে অসমীয়া জাতি ৰক্ষাৰ স্বাৰ্থে অসম আন্দোলন আৰু ভাষা আন্দোলনত জঁপিয়াই পৰিছিল।

বহুবাৰ কাৰাগাৰ খাটিবলগীয়া  হোৱা কোঁৱৰে প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত প্ৰতিষ্ঠা লাভ কৰা অসম গণ পৰিষদৰ প্ৰতিষ্ঠাৰ এগৰাকী অন্যতম কাণ্ডাৰী আছিল।

ইয়াৰোপৰি ১৯৯১ চনত শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা তেতিয়াৰ নতুন অসম গণ পৰিষদ দলৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। পৰৱৰ্তীসময়ত থাওৰা বিধানসভা সমষ্টিৰ পৰাও অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী হিচাপে ২০০১ আৰু ২০০৬ চনত প্ৰতিদ্বন্দিতা আগবঢ়াই পৰাজয় বৰণ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *