শোভাশ্ৰী বাৰিক
২৮ জুলাই: সীমা কেন্দ্ৰিক বিবাদৰ বাবে প্ৰাণ যোৱা অসম আৰক্ষী ৰ ঘটনাক লৈ অব্যাহত আছে উত্তাল প্ৰতিবাদ।ডেমক্ৰেটিক ফণ্টকে আদি কৰি বহু কেইটা দল সংগঠনে অসম মিজোৰামৰ সীমান্তৰ কাছাৰ ,হাইলাকান্দি ,আৰু কৰিমগঞ্জ জিলাত ১২ ঘন্টা জোৰা বন্ধৰ আহ্বান জনাইছে।ৰাতিপুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ বন্ধ থাকিব এই তিনি খন জিলা, হাইলাকান্দি ত ৰেইল আৰু ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। হাইলাকান্দি বাসীয়ে, লগতে মিজোৰামলৈ যোৱা ৰেল পথ বিচ্ছিন্ন কৰি তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে প্ৰতিবাদকাৰী সকলে, মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কৰি বহি ৰাজ্য লৈ যোৱা শ শ বাহন আবদ্ধ কৰি কৰিছে প্ৰতিবাদ কাৰী সকলে।