অসম – মেঘালয় ভূমি বিবাদ শেষ কৰিবলৈ কইনাধৰাত প্ৰথমখন বৈঠক

Share

অসম-মেঘালয় ভূমি বিবাদ সম্পূৰ্ণৰুপে দূৰ কৰাৰ উদ্দেশ্যৰে আজি পুনৰ  বৈঠকত মিলিত হ’ব দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী।

প্ৰথম পৰ্যায়ত দুই ৰাজ্যৰ বিবাদিত ৬ টা স্থানক লৈ ইতিমধ্যে বুজাপৰাৰ চুক্তি স্বাক্ষৰ কৰাৰ পাছত এতিয়া আন ৬ টা বিবাদিত স্থানক লৈ দুয়োখন ৰাজ্যৰ মাজত আলোচনা আৰম্ভ হ’ব।ভূমি বিবাদ নিস্পত্তিৰ নিমিত্তে দ্বিতীয় পৰ্যায়ৰ প্ৰথমখন বৈঠক আজি কইনাধৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাৰ মাজত অনুষ্ঠিত হ’ব।

উল্লেখ্যযোগ্য যে,অসম-মেঘালয়ৰ ভূমি বিবাদ দূৰ কৰাৰ বাবে দ্বিতীয় পৰ্যায়ৰ বৈঠকৰ বিষয়ে যোৱা ১৮ মে’ত প্ৰথমবাৰৰ বাবে ঘোষণা কৰিছিল মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ।আনহাতে ,সাংবাদিকৰ আগত কনৰাড চাংমাই  উল্লেখ কৰিছিল ২৪ মে’ত গুৱাহাটীত দুয়োগৰাকী মুখ্যমন্ত্ৰী পুনৰ বৈঠকত বহিব।

উল্লেখ্য যে, ইতিমধ্যে মেঘালয়ৰ সৈতে থকা ভূমি বিবাদ দূৰ কৰিবৰ বাবে প্ৰথম প্ৰচেষ্টা হিচাপে মুঠ ৬ টা স্থানৰ বিবাদ দূৰ কৰি দুয়ো ৰাজ্যই দিল্লীত গৃহমন্ত্ৰীৰ উপস্থিতিত এক বুজাপৰাৰ চুক্তিত স্বাক্ষৰ কৰিছে।অৱশ্যে তাৰ পাছতো এই অঞ্চল কেইটাত ভূমি বিবাদক লৈ সৃষ্টি হোৱা উত্তেজনা হ্ৰাস হোৱা নাই ।

আনহাতে , এতিয়াও বকোকে ধৰি কেইবাটাও অঞ্চলত মেঘালয়ৰ আগ্ৰাসন চলাই থকাৰ অভিযোগ উথাপিত হৈ আহিছে ।দুয়ো ৰাজ্যৰ জনসাধাৰণ মাজত শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ আৰু সংযম ৰক্ষাৰ বাবে দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ লগত প্ৰতিনিধি এই অঞ্চল কেইটা ভ্ৰমণ কৰিব।অসম , মেঘালয়ৰ মাজত সময়ে সময়ে সৃষ্টি হৈ থকা ভূমি কেন্দ্ৰিক সংঘাটৰ সন্দৰ্ভত দুয়ো ৰাজ্যৰ প্ৰশাসন সচেতন হোৱাৰ কথাও  উল্লেখ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *