ডিজিটেল ডেস্কঃ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব লিখিত পৰীক্ষা। ইতিমধ্যে ২১ আগষ্টত অনুষ্ঠিত হৈ যায় চতুৰ্থ বৰ্গৰ পদৰ বাবে লিখিত পৰীক্ষা।পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ কঠোৰ পদক্ষেপ। আনকি পৰীক্ষা অনুষ্ঠিত দিন দুটাত আগবেলা দুঘণ্টা আৰু পিছবেলা দুঘণ্টাকৈ মুঠ চাৰিঘণ্টা ইণ্টাৰনেট বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। হোৱাটছএপযোগে যাতে কোনেও প্ৰশ্নকাকত ভাইৰেল কৰিব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই কঠোৰ পদক্ষেপ।
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। ইন্টাৰনেট বন্ধ কৰাৰ ক্ষেত্ৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰিপুন বৰাই কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে একো কৰিব পৰা নাই। সকলো দিশতে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ ব্যৰ্থ হৈছে। এই অভিযোগ উত্থাপন কৰে তৃণমুল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই। ৰিপুন বৰাৰ মতে মহম্মদ বিন টোগলকৰ দৰে চৰকাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাই। লগতে পৰীক্ষাৰ নামত ইন্টাৰনেট কাটি কি বুজাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে বুলি প্ৰশ্ন উত্থাপন কৰে টিএমচি ৰ ৰাজ্যিক সভাপতি গৰাকীয়ে। আনহাতে, পৰীক্ষাৰ নামত নেট কাটি দিয়াত দেশৰ ভিতৰত অসমেই প্ৰথম ৰাজ্য। দেশৰ জৰুৰীকালীন সংকটৰ সময়তহে ইন্টাৰনেট সেৱা কৰ্তন কৰিব পাৰে বুলি কোৱা ৰিপুণ বৰাই অসম লোকসেৱাৰ পৰীক্ষা পাতিলে ৰাজ্য চৰকাৰে লকডাউন ঘোষনা কৰিব নেকি বুলি প্ৰশ্ন উত্থাপন কৰে ।