ঘোষণা হল পৰীক্ষাবিহীন উচ্চতৰ মাধ্যমিকৰ ফলাফল

Share

ৰাজীৱ কলিতা

৩১জুলাই: ঘোষণা হল পৰীক্ষাবিহীন উচ্চতৰ মাধ্যমিকৰ ফলাফল।ফলাফল অনুসৰি কলা শাখাত উত্তীৰ্ণৰ হাৰ ৯৮.৯৩%, বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৯৯.০৬% , আৰু বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৯৯.৫৭ শতাংশ। মেট্ৰিক পৰীক্ষাৰ দৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ এইবাৰৰ ফলাফলেও ভংগ কৰিলে সৰ্বকালৰ সকলো অভিলেখ।
কলা শাখাত অৱতীৰ্ণ হৈছিল ১,৯১,৮৫৫ গৰাকী পৰীক্ষাৰ্থী,বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল ৩৮,৪৩০ গৰাকী শিক্ষাৰ্থী আৰু বাণিজ্য শাখাত অৱতীৰ্ণ হৈছিল মুঠ ১৮,৪৪৩ গৰাকী পৰীক্ষাৰ্থী।
মূল্যাংকন পদ্ধতিৰে ঘোষণা কৰা এইবাৰৰ ফলাফল অনুসৰি, কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৫৮,২৪৪গৰাকী পৰীক্ষাৰ্থী। সেইদৰে বাণিজ্য শাখাত  ১১,১৮৯ গৰাকী পৰীক্ষাৰ্থী আৰু বিজ্ঞান শাখাত ৩২,৯১৭গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে।
আনহাতে, দ্বিতীয় বিভাগত কলা শাখাত ৮৯,৫২০ গৰাকী, বাণিজ্য শাখাত ৫,৪৯৭ গৰাকী আৰু বিজ্ঞান শাখাত ৪,৬০৯ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে।
ইয়াৰ উপৰিও উচ্চতৰ মাধ্যমিকৰ ফলাফল অনুসৰি তৃতীয় বিভাগত কলা শাখাত ৪২,০২৯ গৰাকী পৰীক্ষাৰ্থী,বিজ্ঞান শাখাত ৫৪২ গৰাকী পৰীক্ষাৰ্থী,আৰু বাণিজ্য বিভাগত ১,৬৭৮ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *