আজি অসম চৰকাৰে প্ৰদান কৰিব ২০২৩ বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা।১৩ ফেব্ৰুৱাৰী অৰ্থা९ আজি বিয়লি ৪.৩০ বজাত গুৱাহাটীৰ পাঞ্জাৱাৰী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব এই বঁটা প্ৰদান অনুষ্ঠান।এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়।লগতে এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই প্ৰদান কৰিব অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা।
এইবাৰ অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ”অসম বৈভৱ” বঁটা আগবঢ়োৱা হৈছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা সাংসদ ৰঞ্জন গগৈলৈ।লগতে ২২ জন ব্যক্তিলৈ অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা আগবঢ়োৱা হৈছে। অসম সৌৰভ বঁটা আগবঢ়োৱা হৈছে এলভিছ আলী হাজৰিকা, হিমা দাস, নাদিৰাম দেউৰী আৰু গাজিয়াবাদৰ ড০ কিষণ চান্দ নৌৰিয়ালৈ।আনহাতে অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে বিহু নৃত্যৰ শিল্পী ৰঞ্জিত গগৈ, বিশিষ্ট হস্তী বিশেষজ্ঞ পাৰ্বতী বৰুৱা, কাৰ্বি লোক শিল্পী পখিলা লেকথেপী, হস্তী-মানৱ সংঘাত বিশেষজ্ঞ ওদালগুৰিৰ টেনজিং বডোচা, বৰাক উপত্যকাৰ শীতল পাৰ্টী উদ্যোগী নিৰ্মল দে, মিচিং সাজপাৰৰ হস্তশিল্পী জেছিম কুম্বাং পাও, তিনিচুকীয়াৰ অংগনৱাড়ী কৰ্মী মেৰী হাছা, ক’লা ধানৰ খেতি জনপ্ৰিয় কৰাৰ লগতে বিদেশলৈ ৰপ্তানি দিয়া কৃষক উপেন্দ্ৰ ৰাভা, ষ্ট’বেৰীকে ধৰি অন্যান্য থলুৱা উৎপাদনৰ পাম প্ৰস্তুত কৰি জনপ্ৰিয় কৰি তোলা ডুমডুমাৰ ৰাহুল গুপ্তা, বিশিষ্ট শব্দযন্ত্ৰ শিল্পী দেৱজিৎ চাংমাই, ছিপাঝাৰৰ ওজাপালি নৃত্যক প্ৰচাৰ-প্ৰসাৰত জড়িত দ্ৰোণ ভূঞা, জৈৱিক কৃষিকৰ্মত জড়িত উচ্চ শিক্ষিত যুৱক নীলম দত্ত, ৰিপ’জ বেকাৰীৰ স্বত্বাধিকাৰী অনুপম ডেকা, বিশিষ্ট প্ৰকৃতিবিদ সৌম্য়দ্বীপ দত্ত, মাশ্বৰূম উৎপাদনৰ লগত জড়িত বসন্ত চিৰিং ফুকন, ক্ৰাফট আৰু বাঁহ শিল্পী মনেন্দ্ৰ ডেকা, শিৱসাগৰৰ ডিমৌ অঞ্চলৰ আশাকৰ্মী মীনাক্ষী চেতিয়া।