অসম চৰকাৰৰ মন্ত্ৰীসভাত ৪ জন নতুন মন্ত্ৰীৰ নাম ঘোষনা

Share

অসম চৰকাৰৰ মন্ত্ৰীসভাত ৪ জন নতুন মন্ত্ৰীৰ নাম ঘোষনা। ৫ তাৰিখে পুৱা অকস্মাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তিনিচুকীয়াৰ বিধায়ক তথা চাহ জনজাতি আৰু শ্ৰমিক কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণে মন্ত্ৰীসভাৰ পৰা পদ ত্যাগ কৰিয়েই বিয়লি তিনি বজাত উৰা মাৰে নতুন দিল্লীলৈ। ইয়াৰ লগে লগে অসম মন্ত্ৰীসভাত খালী হৈ পৰে মুঠ পাচঁটা মন্ত্ৰীপদ। উল্লেখ্য যে বহুদিন ধৰি অসম বিধান সভাৰ মন্ত্ৰী সাল-সলনিৰ কথা চলি আছিল। তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৫ তাৰিখে ঘোষনা কৰিলে ৪ জন নতুন বিধায়কৰ নাম। অহা ৭ ডিচেম্বৰত দিনৰ ১২ বজাত চাৰিজন নতুন বিজেপি বিধায়কে অসম মন্ত্ৰীসভাৰ সদ্যসৰূপে শপত লোৱাৰ কথা ঘোষনা কৰে আৰু তেওঁলোক হৈছে পথাৰকান্দিৰ কৃষ্ণেন্দু পাল, লক্ষীমপুৰৰ কৌশিক ৰায়,ডিব্ৰুগড়ৰ প্ৰশান্ত ফুকন, ডুমডুমাৰ ৰুপেশ গোৱালা। বিজেপি-অগপ-ইউ পি পি এল চৰকাৰত বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছিল ১৫ গৰাকী মন্ত্ৰী। অবশ্যে অসম গণ পৰিষদ বা ইউ  পি পি এলৰ কোনো বিধায়কক সম্প্ৰসাৰিত মন্ত্ৰীসভাত অন্তৰ্ভূক্ত নকৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *