স্বৰ্ণপদক বিজয়ী অসমকন্যা নয়নমণি শইকীয়া  ! ক্ৰীড়াক্ষেত্ৰত সকলো সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ

Share

কমনৱেল্থ গেমছ ২০২২ ! ইতিমধ্যে ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত হৈ যোৱা বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ এথলীট ইভেন্ট কমনৱেল্থ গেমছত অসমৰ কেইবাগৰাকী খেলুৱৈ অংশ লৈছিল । তাৰ ভিতৰত দেশবাসীৰ লগতে অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে কমনৱেল্থৰ স্বৰ্ণবিজয়ী অসমকন্যা নয়নমণি শইকীয়াই । কমনৱেল্থ গেমছত মহিলাৰ লনবলৰ দলীয় শাখাত স্বৰ্ণপদক অৰ্জন কৰিবলৈ সক্ষম হোৱাত নয়নমণিয়ে বৃহস্পতিবাৰে উপস্থিত হয় গুৱাহাটীত । তাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে জনতা ভৱনত সাক্ষাত কৰে নয়নমণি শইকীয়াই ।

জনতা ভৱনত নয়নমণিক মুখ্যমন্ত্ৰীয়ে জাপি,শৰাই আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় কয় যে, এই সফলতাই দেশ তথা ৰাজ্যবাসীক গৌৰৱান্বিত কৰি তুলিছে । তদুপৰি, ক্ৰীড়াজগতখনত যাতে আৰু অধিক দক্ষতাৰে আগুৱাই যাব পাৰে তাৰ বাবে তেওঁক সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।স্বামী ভাস্কৰজ্যোতি গোহাঁই আৰু কন্যা তনয়াৰ সৈতে অহা নয়নমণিয়ে সাক্ষাৎৰ সময়ত বাৰ্মিংহামত অনুষ্ঠিত কমনৱেল্থ গেমছৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই অভিজ্ঞতা সম্পৰ্কে মনোভাৱ ব্যক্ত কৰে অসম গৌৰৱ নয়নমণি শইকীয়াই ।

Leave a Reply

Your email address will not be published. Required fields are marked *