এইবাৰো সুদীৰ্ঘ সপোনৰ পৰিসমাপ্তি নহল অসম কন্যা লাভলীনা বৰগোঁহাইৰ৷স্বৰ্ণ পদ নাপালে যদিওঁ ৰুপৰ পদতে সন্তষ্ট হল লাভলীনা৷বুধবাৰে এছিয়ান গেমছত লী কিয়ানৰ হৈতে প্ৰতিদন্দিতা কৰিছিল লাভলীনাই৷কিন্ত স্বৰ্ণ পদক পাবলৈ এইবাৰো সক্ষম নহল লাভলীনা৷এতিয়াৰে পৰা ব্যক্তিগত বিভাগটোৰ দ্বিতীয় স্বৰ্ণ পদক পোৱাৰ আশা দীৰ্ঘ হৈ পৰিল লাভলীনাৰ।শেষবাৰৰ বাবে ১৯৬৬ চনত এছিয়ান গেমছৰ ৮০০ মিটাৰ দৈৰত কিংবদন্তি ভোগেশ্বৰ বৰুৱাই প্ৰথম পাইছিল স্বৰ্ণ পদক।এইফালে জাকাৰ্তা এছিয়ান গেমছৰ কাৰণে হিমা দাসেও পাইছিল ভোগেশ্বৰ বৰুৱাৰ নামত থকা স্বৰ্ণ পদটো স্পৰ্শ কৰাৰ সোণালী সুযোগ।কিন্ত ৰূপৰ পদতে নিজৰ সুখ বিচাৰি ললে হিমা দাসে।এইবাৰো কথাটো সৰল আছিল।যিহেতু অলিম্পিকত পদ বিজয় হৈছিল থিক তেনেদৰে এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰিবলৈ আগবাঢ়িছিল লাভলীনাই।প্ৰথম মেচ জয় হোৱাৰ পাছত বুধবাৰে চেমি ফাইনেলত জিকাত স্বৰ্ণ পদৰ যুজক অৱৰ্তীন হোৱাৰ পিছত আশাৰে উপচাই পেলাইছিল অসমবাসীৰ মন।কিন্ত ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি।চীনৰ প্ৰতিদন্দীৰ বিপৰীতে অন্তিম পৰ্যায়লে যুজ দিও সফল হব নোৱাৰিলে লাভলীনাই।পিছত ৰূপৰ পদক লাভ কৰি নিজৰ মনক সান্তনা দিলে লাভলীনাই।আনফালে চীনৰ লী কিয়ানৰ মতে এইখন প্ৰতিশোধৰ মেচ।সেইবাবে লী কিয়ানৰ বাবে আছিল এইটো এটা সোণালী সুযোগ।কাৰণ বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমিত পৰাজয় হৈছিল কিয়ান।সেইকাৰণে আক্ৰমণৰ ক্ষোভ খেলিছিল লাভলীনাৰ সৈতে।বুদ্ধিৰে যদিও প্ৰথম ৰাউণ্ডতে পৰাজিত কৰিছিল লাভলীনাক তথাপিও হাৰ মনা নাছিল লাভলীনাই।এইফালে দুটা ৰাউণ্ড জিকি কিয়ান হৈ পৰিছিল অধিক শক্তিশালী।স্বৰ্ণ পদক অৰ্জন কৰিবলৈ মাজত মাথো ৩ মিনিট আছিল আৰু সেইবাবে দুৰ্বাৰ চেষ্টাত নামি পৰিছিল লাভলীলাই,কিন্ত অৱশেষত হাৰ মানিব লগা হল লাভলীনাই।যি কি নহক ইমান ডাঙৰ এছিয়ান গেমৰ দৰে ক্ৰীয়া মঞ্চত ৰূপৰ পদক পোৱাটো অন্য এক সাফল্য লাভলীনাৰ।এই চেগতে অলিম্পিক বিশ্ব চেম্পিয়শ্বিপৰ পিছত লাভলীলাই অৰ্জৰ কৰা তাৰিকাত সংলগ্ন কৰা হল এইবাৰ এছিয়ান গেমচৰ ৰূপৰ পদক।২০২৪ত অনুস্থিত হবলগীয়া অলিম্পিক খেলৰ বাবে লাভলীনাৰ আছে অন্য এক লক্ষ্য।লাভলীনাই পদৰ ৰং সলনি কৰিব বুলি সংবাদ মাধ্যমেৰে জনাই সমগ্ৰ দেশবাসীক