অসমৰ ক্ৰিয়া জগতলৈ সুখবৰঃ ভাৰতীয় জাতীয় ক্ৰিকেট দলত স্থান লাভ অসম কন্যাৰ

Share

অসমৰ ক্ৰিয়া জগতলৈ সুখবৰ। অসমলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিলে অসম সন্তানে। ভাৰতীয় জাতীয় ক্ৰিকেট দলত স্থান লাভ কৰিলে অসম কন্যা উমা চেত্ৰীয়ে। ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ বাবে নিৰ্বাচিত উমা চেত্ৰীয়ে হৈছে অসমৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ। 

আগন্তুক টি-২০ ৰ বাবে ভাৰতীয় জাতীয় মহিলা ক্ৰিকেট দলৰ হৈ খেলিব  অসম কন্যা উমা চেত্ৰীয়ে । বাংলাদেশৰ বিৰুদ্ধে হ’বলগা তিনিখন টি-২০ আৰু এদিনীয়া খেল খেলিব ভাৰতীয় দলটোয়ে। দলটোৰ নেতৃত্ব দিব হৰমনপ্ৰীত কৌৰে।  আগন্তুক খেলখনৰ দুয়োটা শৃংখলাত  বেটাৰ আৰু উইকেটকীপাৰ হিচাপে ভুমিকা পালন কৰিব উমা চেত্ৰীয়ে ।
উল্লেখ্য যে, শেহতীয়াকৈ হংকংত অনুষ্ঠিত এচিচি উদীয়মান মহিলা এছিয়া কাপ ২০২৩ ত ভাৰতৰ এ দলত অংশগ্ৰহণ কৰিছিল উমা চেত্ৰীয়ে। ভাৰতে খেলা খেলখনত উমা চেত্ৰীয়ে বেটাৰ আৰু উইকেটকীপাৰ হিচাপে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছিল

Leave a Reply

Your email address will not be published. Required fields are marked *