গুৱাহাটী,৯ ছেপ্তেম্বৰ, নিউজ ডেস্কঃ যোৱা ৮ ছেপ্তেম্বৰ, বৃহস্পতিবাৰে শিক্ষা ক্ষেত্ৰত জিলিকিল অসম কন্যা অনন্যা মেধি। সৰ্বভাৰতীয় যোগ্যতা NEET পৰীক্ষাত ৬৯৪ নম্বৰ লাভ কৰি দেশৰ ভিতৰত ২০৫ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে অনন্যা মেধি।
উল্লেখ্য যে শিক্ষাৰ ক্ষেত্ৰত যে মাধ্যম হেঙাৰ নহয়, সেই কথা প্ৰমাণ কৰি দেখুৱালে অনন্যা মেধিয়ে। অসম জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত NEET পৰীক্ষাত উজ্বলি উঠিছে অসমৰ অনন্যা মেধি। অসমীয়া মাধ্যমত পঢ়ি এইবৰ্ষৰ NEET UG ত সফলতা অৰ্জন কৰাৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰীৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ অনন্যা মেধি।