মিজোৰাম সীমান্তত নিহত অসম আৰক্ষীৰ ৫ জন জোৱানৰ পৰিয়ালক ৫০ লাখ টকাকৈ ক্ষতিপূৰণ দিয়া হ’ব : মুখ্যমন্ত্ৰী

Share

সুপ্ৰিয়া তৰফদাৰ
অসম -মিজোৰাম সীমান্তত কালি গুলীবিদ্ধহৈ মৃত্যু হোৱা ৫ জন অসম আৰক্ষীৰ জোৱানৰ পৰিয়ালক ৫০ লাখ টকাকৈ ক্ষতিপূৰণ দিব বুলি আজি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰিছে। তাৰোপৰি প্ৰতিটো পৰিয়ালৰ এজনকৈ সদস্যক চৰকাৰী চাকৰি দিব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। গুলীবিদ্ধহৈ গুৰুতৰ ভাৱে আহত হোৱা কাছাৰৰ আৰক্ষী অধীক্ষক বৈভৱ চন্দ্রকান্ত নিম্বলকাৰক আজি বায়ুসেনাৰ বিশেষ বিমানেৰে শিলচৰ মেডিকেল কলেজ হাস্পতালৰ পৰা আজি মহাৰাষ্ট্ৰলৈ লৈ যোৱা হয়। ইয়াৰোপৰি অন্য তিনিজন গুৰুতৰ ভাৱে আহত অসম আৰক্ষীৰ লোকক এয়াৰ এম্বুলেঞ্চেৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ লৈ অনা হৈছে। কালিৰ সীমান্তৰ গুলী চালনাৰ ঘটনাটোত মুঠ ৪২ জন অসম আৰক্ষীৰ লোক আহত হৈছিল আৰু তাৰে ৫ জন জোৱানৰ মৃত্যু হৈছে৷ মৃত জোৱান কেইজনৰ প্রতি শ্ৰদ্ধা জনাই অসম চৰকাৰে আজিৰ পৰা তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰাৰ লগতে মিজোৰামৰ সৈতে অসমৰ সাংবিধানিক সীমা সুৰক্ষাৰ দ্বায়িত্বত নিয়োজিত প্ৰত্যেকজন আৰক্ষী লোকক এমাহৰ অতিৰিক্ত দৰমহা দিয়াৰ সিদ্ধান্ত লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *