আজি এক ঐতিহাসিক ফলাফল ঘোষণাৰ দিশে অসম মাধ্যমিক শিক্ষা পৰিষদ

Share

অনালি শৰ্মা
৩০ জুলাই : বিশ্ব জুৰি হোৱা কভিড ১৯ ৰ বিভীষিকাই সমগ্ৰ পৃথিৱীৰ শিক্ষাৰ ক্ষেত্ৰতো প্ৰতিকূল অৱস্থাৰ সৃষ্টি কৰিলে । এই ক্ষেত্ৰত কভিডৰ প্ৰথম আৰু দ্বিতীয় ঢৌৱে ভাৰত বৰ্ষতো সৃষ্টি কৰা বিপদ সংকুলতাৰ বাবে শিক্ষা খণ্ডত অনলাইন ব্যৱস্থাৰ বুনিয়াদ গঠনৰ বাবে বিভিন্ন ব্যৱস্থা ল’ব লগা হৈছে ।
যদিও মহাবিদ্যালয়-বিশ্ববিদ্যালয় পৰ্যায়ৰ পৰীক্ষা সমূহত অনলাইন পদ্ধতিও বহুল ভাৱে প্ৰয়োগ কৰা হৈছে তথাপি উচ্চ মাধ্যমিক আৰু উচ্চতৰ পৰ্যায়ত এই ব্যৱস্থা গ্ৰহণ কৰাত বৰ্তমান যথেষ্ট অসুবিধা আছে । সেই হেতু ভাৰতবৰ্ষৰ কেইবাখনো শিক্ষা বৰ্ডৰ লগতে অসম মাধ্যমিক শিক্ষা পৰিষদেও ২০২০-২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চুৰান্ত বৰ্ষৰ ফলাফল পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে দিবলৈ ওলাইছে । এই ক্ষেত্ৰত অসম চৰকাৰে ড০ অলক বুঢ়াগোহাঁইৰ নেতৃত্বত গঠন কৰি দিয়া কমিটিৰ গাইড লাইন অনুসৰি বিদ্যালয় সমূহে জিলা শিক্ষা বিষয়াৰ পৰ্যবেক্ষণত পঠোৱা নম্বৰৰ ভিত্তিতেই এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে হাইমাদ্ৰছাত অৱতীৰ্ণ হোৱা ৪৩৮৮২৮ শিক্ষাৰ্থীৰ ফলাফল নিৰ্নিত হ’ব । উল্লেখ্য যে এই বছৰ ফলাফলত কোনো স্থানৰ ব্যৱস্থা নাথাকিব । পুৱা ১১.০০ বজাত পৰিষদে নিৰ্ধাৰিত কৰি দিয়া ১৪ টা ৱেবছাইটৰ লগতে এটা মোবাইল এপত ফলাফল সমূহ ছাত্ৰ-ছাত্ৰীয়ে নিজেই চাব পাৰিব । অৱশ্য এই পৰীক্ষা চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট সমূহ পৰৱৰ্ত্তী সময়ত বিদ্যালয় সমূহলৈ পঠোৱা হ’ব বুলি পৰিষদৰ উচ্চ স্তৰীয় সূত্ৰই অৱগত কৰিছে । ফলাফলত অসন্তুষ্ট শিক্ষাৰ্থীৰ বাবেও ছেবাই আন এক পৰীক্ষা ব্যৱস্থাৰ কথা ঘোষণা কৰিছে ।স্বাভাৱিকতে কভিড কালিন পৰিস্থিতিত উক্ত ফলাফল অসম মাধ্যমিক শিক্ষা পৰিষদৰ ইতিহাসত উল্লেখনীয় হৈ ৰ’ব ।

“SEBA Results 2021” মোবাইল এপৰ লগতে তলত দিয়া ৱেবছাইট কেইটাত ফলাফল পাব পাৰিব –
1. https://sebaonlin.org
2. www.sebaresults.in
3. resultsassam.nie.in
4. www.results.shiksha
5. www.assam.shiksha
6. www.assamonline.in
7. www.indiaresults.com
8. exametc.com
9. www.schools9.com
10. assamjobalerts.com
11. assamresult.in
12. https://iresults.net
13. necareer.com
14. www.jagranjosh.com

Leave a Reply

Your email address will not be published. Required fields are marked *