পুনৰ ৰাষ্টীয় পৰ্য্যায়ত জিলিকি উঠিল অসম সন্তান

Share
ডিজিটেল ডেস্ক, ০৭ এপ্ৰিলঃ পুনৰবাৰ ৰাষ্টীয় ক্ৰীড়া জগতত জিলিকিবলৈ সক্ষম হ’ল  এগৰাকী অসম সন্তান। পুনৰবাৰ ক্ৰীড়া জগতত ইতিহাস ৰচিবলৈ সক্ষম হৈছে অসম সন্তান অম্লান বৰগোহাঁই। কেৰেলাৰ কালিকটত বুধবাৰে বিয়লি অনুষ্ঠিত হৈ যোৱা ২৫ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ফেডাৰেশ্যন কাপ এথলেটিকছ প্ৰতিযোগিতাত অসমৰ অম্লান বৰগোহাঁইয়ে পুৰুষৰ ২০০ মিটাৰ দৌৰত ২০.৫২ চেকেণ্ড সময় লৈ1 ৰাষ্টীয় অভিলেখ ৰচি সোনৰ পদক লাভ কৰি দেশবাসীৰ লগতে ৰাজ্যবাসীক গৌৰান্বাবিত কৰি তুলিছে ।
লগতে এনেধৰনৰ দুৰ্দান্ত প্ৰদৰ্শণৰ যোগেদি অহা জুলাই মাহতে তেওঁ আমেৰিকাৰ অৰেগনত অনুষ্ঠিত হবলগীয়া বিশ্ব চিনিয়ৰ চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰিছে অম্লান বৰগোহাঁইয়ে। উল্লেখযোগ্য যে বিশ্ব ছিনিয়ৰ চেম্পিয়নশ্বিত অংশগ্ৰহণৰ বাবে ইতিমধ্যে যোগ্যতা অৰ্জন কৰা প্ৰথম অসমীয়া খেলুৱৈজনই হৈছে অম্লান বৰগোহাঁই। লগতে শীঘ্ৰেই চীনত অনুষ্ঠিত হবলগীয়া ২২ সংখ্যক এছিয়ান গেমছত অংশগ্ৰহণ কৰাৰ যোগ্যতা অৰ্জন কৰিছে অম্লানে

Leave a Reply

Your email address will not be published. Required fields are marked *