বি চি চিৰ সচিব পদত অসম সন্তান

Share

বি চি চি আইৰ সচিব পদত অধিষ্ঠিত হ’ল অসম সন্তান দেৱজিত শইকীয়াই।দেৱজিত শইকীয়া হৈছে বি চি চি আইৰ শীৰ্ষ পদ লাভ কৰা প্ৰথমগৰাকী অসমীয়া।২১ বছৰ বয়সতে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল দেৱজিত শইকীয়াই পৰৱৰ্তী সময়ত তেওঁ আইনী শিক্ষা গ্ৰহণ কৰি ৰাজ্যৰ এগৰাকী সুপ্ৰতিষ্ঠিত অধিবক্তাৰুপে নিজকে গঢ়ি তুলিছিল।অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লৈ অসম ক্ৰিকেটৰ উত্তৰণৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছিল দেৱজিত শইকীয়াই।পৰবৰ্তী সময়ত বি চি চি আইৰ যুটীয়া সচিব পদত নিয়োজিত হৈছিল দেৱজিত শইকীয়া। ৰাজ্য সংস্থাৰ পৰা আৰম্ভ কৰা পিছতেই ৰাষ্ট্ৰীয় পৰ্যায় হৈ এইবাৰ আন্তৰ্জাতিক মজিয়াত অসম সন্তান অসমৰ ক্ৰীড়া সংগঠক দেৱজিত শইকীয়া।

বি চি চি আইৰ যুগ্ম সচিবৰ পদত কাৰ্যনিৰ্বাহ কৰি থকা দেৱজিতে আন্তৰ্জাতিক ক্ৰিকেটত নিয়ন্ত্ৰন বৰ্ড (আই চি চি) ৰ সভাত ভাৰতক প্ৰতিনিধিত্ব কৰিব।পূৰ্বত এই দায়িত্বত আছিল বি চি আইৰ সচিব  বি চি চি আইৰ সদ্য প্ৰাক্তন সচিব জয় শ্বাহ।যোৱা ১ ডিচেম্বৰত শ্বাহে বি চি চি আইৰ সচিব পদৰ পৰা পদত্যগ কৰি আই চি চি আইৰ সচিব পদৰ পৰা পদত্যাগ কৰি আই চি চিৰ চেয়াৰ মেনৰ দায়িত্ব গ্ৰহণ কৰাত উক্ত পদটো খালী হৈ পৰে।বি চি চি আইৰ যুগ্ম সচিব পদত থকাৰ সূত্ৰে দেৱজিত শইকীয়াক এই দায়িত্ব অৰ্পণ কৰে।বি চি চি আইৰ সংবিধান অনুসৰি পৰৱৰ্তী পূৰ্ণাংগ সচিব নিৰ্বাচন নকৰালৈকে এই পদত কাৰ্যনিৰ্বাহ কৰি থাকিব দেৱজিত শইকীয়া।আনহাতে উল্লেখ্য যে জয় শ্বাহৰ স্থানত বি চি চি আইৰ সচিবৰ দায়িত্ব লোৱা দেৱজিত শইকীয়া অহা বছৰ ছেপ্টেম্বৰ মাহলৈকে এই দায়িত্বত নিয়োজিত থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *