মাউন্ট এভাৰেষ্ট জয় কৰিলে অসম সন্তান হেদায়েট আলীয়ে

Share

নিউজ ডেস্ক , ১২মেঃ বিশ্বৰ সৰ্বোচ্চ শৃংগ হ’ল মাউন্ট এভাৰেষ্ট। এইবাৰ মাউন্ট এভাৰেষ্ট জয় কৰিবলৈ সক্ষম হৈছে অসম সন্তান হেদায়েট আলী। হেদায়েট আলীৰ ঘৰ অসমৰ হাজোত। বৰ্তমান কেলিফৰ্ণিয়াত বাস কৰে মাউন্ট এভাৰেষ্ট জয় কৰা হেদায়েট আলীয়ে।বৃহস্পতিবাৰে ৰাতিপুৱা ৭.৩০ বজাত আৰোহণ কৰিছিল  হেদায়েট   আলীয়ে  ।

এভাৰেষ্টৰ শিখৰত আৰোহণ  কৰা সপ্তম গৰাকী অসমীয়া আৰোহণকাৰী হ’ল হেদায়েট আলী।বৰ্তমানে চিলিকণ ভেলীৰ ছফটৱেৰ অভিযন্তা হিচাপে নিযুক্ত হৈ আছে অসমলৈ গৌৰৱ কঢ়িয়াই অনা অসম গৌৰৱ হেদায়েট আলী।

Leave a Reply

Your email address will not be published. Required fields are marked *