চন্দ্ৰযান-৩’ত অসম সন্তানৰ অৱদানকলৈ আনন্দিত অসমবাসী

Share

ভাৰতবৰ্ষই চন্দ্ৰক চুব পৰা হ’ল ৷ এক ঐতিহাসিক সাক্ষী হৈ ৰ’ল দেশবাসী ৷ দীৰ্ঘদিনৰ পিছত অধিৰ আগ্ৰহেৰে বাট ছাই থকা চন্দ্ৰযান-৩ৰ ‘লেণ্ডাৰ বিক্ৰমে’ অৱশেষত চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰে৷ চন্দ্ৰৰ পৃষ্ঠত চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ ক্ষণৰ সাক্ষী হ’ল বিশ্ববাসী৷ ইছৰোত কৰ্মৰত দেশৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানী সকলৰ লগতে অসমৰো তিনিগৰাকী বিজ্ঞানী এই সফল অভিযানৰ অংশ হোৱাটো অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয় হৈ পৰিছে ৷ উল্লেখ্য যে, চন্দ্ৰযান-৩ৰ সফল অৱতৰণত অসমৰ বিজ্ঞানী তিনিগৰাকী গৰাকী ক্ৰমে লখিমপুৰৰ চয়ন দত্ত, বিশ্বনাথৰ উদ্দীপনা কলিতা আৰু তিনিচুকীয়াৰ নিধি শৰ্মাৰ অৱদান যথেষ্ট ৷

তিনিচুকীয়া চহৰৰ ন-পুখুৰী অঞ্চলৰ শ্যামাপল্লীৰ বাসিন্দা দীপক দেৱৰ কনিষ্ঠ বোৱাৰী নিধি শৰ্মা ৷ চন্দ্ৰযান-৩ অভিযানৰ অংশ হোৱা নিজ বোৱাৰীৰ এই সাফল্যত গৌৰৱবোধ কৰিছে দীপক দেৱে ৷ সংবাদ মাধ্যমৰ আগত কয় যে- নিধি চন্দ্ৰযান-২ অভিযানৰো অংশ আছিল। তেওঁৰ বোৱাৰী ইছৰোত চাকৰি কৰে বুলি জানিছিল যদিও ইমান ডাঙৰ বিজ্ঞানী বুলি জনা নাছিল৷ কিয়নো নিধিয়ে কি কৰে সেই বিষয়ে আমাক বিস্তৃতভাৱে বিশেষ একো কোৱা নাছিল ৷ বিগত ২০১৯ চনত দীপক দেৱৰ পুত্ৰ দিবাকৰৰ লগত বিবাহপাশত আৱদ্ধ হয় নিধি ৷ দিবাকৰ এজন মেকানিকেল ইঞ্জিনিয়াৰ আৰু সম্প্ৰতি বেংগালুৰুত কৰ্মৰত৷ বিয়াৰ পূৰ্বৰ পৰাই নিধি ইছৰোত বিজ্ঞানী হিচাপে কৰ্মৰত হৈ আছে ৷ নিধিয়ে দিল্লীৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত ‘ইণ্ডিয়ান ইন্সটিটিউট অৱ স্পেছ চায়েন্স এণ্ড টেকন’লজি’ৰ পৰা এৰ’স্পেছ ইঞ্জিনিয়াৰিঙত বি টেক কৰে আৰু পৰৱৰ্তী সময়ত অৰ্থাৎ ২০১৫ চনত ইছৰোত চাকৰিত যোগদান কৰে ৷ চন্দ্ৰযান-৩ ৰ অভিযানৰ সৈতে জড়িত নিধি শৰ্মা ছয়মহীয়া অন্তঃসত্তা হৈও দিনে-নিশাই কাম কৰা বুলি তেওঁৰ শহুৱে সদৰি কৰিছে ৷ ইফালে চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ লগতে ইয়াৰ অন্তৰালত বিশেষভাৱে তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মাৰ নাম পোহৰলৈ অহাত চহৰখনত আনন্দৰ লহৰ উঠিছে ৷ ঠায়ে ঠায়ে আতচবাজি ফুটা পৰিলক্ষিত হৈছে ৷

চন্দ্ৰযান-৩’ ত অসম সন্তানৰ  ভিতৰত লখিমপুৰৰ চয়ন দত্ত(Scientist Chayan Dutta),তিনিচুকিয়াৰ নিধি শৰ্মা(Scientist Nidhi Sharma),বিশ্বনাথৰ উদ্দীপনা কলিতা(Scientist Uddipana Kalita)অন্যতম।

Leave a Reply

Your email address will not be published. Required fields are marked *