সললি হ’ব অসম মন্ত্ৰীসভাৰ দপ্তৰৰ পদ

Share

সোমবাৰে দিনত মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীক বিভাগ বিতৰণ লগতে পুৰণি মন্ত্ৰীৰ পদ ব্যাপক সাল-সলনি কৰা হব । মুখ্যমন্ত্ৰী শৰ্মাই এই কথা সাংবাদিকৰ আগত ব্যক্ত কৰে । উল্লেখ্য যে শনিবাৰে চাৰি মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে । যদিও বৰ্তমানলৈ পদ ভাগ-বতৰা কৰা হোৱা নাই । পূৰ্বৰ মন্ত্ৰীসকলৰ একাধিক পদত থকা মন্ত্ৰীৰ হেঁচা কমোৱাৰ  পূৰ্ণ সম্ভৱনা আছে । আনকি  মুখ্যমন্ত্ৰীয়ে নিজেই পদ কমাব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে । লগতে পদ কৰ্তন হোৱাৰো সম্ভৱনা আছে । কিন্ত সকলোৰে পদ কৰ্তন কৰিব নোৱাৰে । কাৰণ চাৰিজনহে নতুন মন্ত্ৰী আছে । গতিকে ১৫ জন মন্ত্ৰীৰ পৰা অলপ-অলপকৈ পদ ভগাই দিয়াৰ চিন্তা-চৰ্চা চলিছে । যদিও মুখ্যমন্ত্ৰী শৰ্মাই পূৰ্বতে ব্যাপক পদ সলনি কৰা হব বুলি কৈছিল যদিও শনিবাৰৰ শপত গ্ৰহণৰ পিছত ব্যাপক পদ সলনি নোহোৱাৰ  ইংগিত বহন কৰিছে । দপ্তৰ কৰ্তন হব পাৰে কেশৱ মহন্তৰ , মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *