সোমবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত এখন কেবিনেট বৈঠক অনুষ্ঠিত হয়।কেবিনেট বৈঠকখনত অসমৰ বিহুক বিশ্বসভালৈ লৈ যোৱাৰ বাবে যিবোৰ পদক্ষেপ লোৱা হৈছে সেইবোৰ উল্লেখ কৰি কেবিনেট কমিটী এখন গঠন কৰা হয়। তদুপৰি বৈঠকখনত আন বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়।
অহা ১৪ এপ্ৰিলত বহাগ বিহুত অসমত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত প্ৰায় ১৫ হাজাৰ যুৱক- যুৱতীৰ দৰ্শনীয় বিহু নৃত্যৰে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিৱিষ্টকৰণৰ চেষ্টা চলোৱা হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কবিনেটখনত কয়। তদুপৰি বৈঠকত চাৰিজনীয়া কেবিনেট কমিটী এখনো গঠন কৰা হয়।
উক্ত কমিটীখনত শিক্ষামন্ত্ৰী ৰনোজ পেগু, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক অন্তৰ্ভুক্ত কৰা হয়।