গুৱাহাটী, ৮জানুৱাৰীঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান চমুকৈ এ এছ আৰ এল এম ছ’চাইটিয়ে আত্মসহায়ক গোটৰ সদস্যসকলক উদ্যোগী হিচাপে উন্নীত কৰাৰ উদ্দেশ্যে ৰূপায়ণ কৰিবলগীয়া ‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান’ৰ প্ৰতি ৭ জানুৱাৰীত অনুস্থিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত অসম চৰকাৰে অনুমোদন জনায়। গ্ৰাম্য মহিলা উদ্যোগীসকলক উন্নীত আৰু সবলীকৰণৰ আশা কৰা এই আঁচনিখনে যোগ্যবিবেচিত আত্মসহায়ক গোটৰ সদস্যাসকলক প্ৰথম পৰ্যায়ত উদ্যোগীকৰণ পুঁজি হিচাপে ১০ হাজাৰ টকা প্ৰদান কৰিব। ইয়াৰ জৰিয়তে গোটৰ সদস্যাসকলে অন্ততঃ এটা উদ্যোগ আৰম্ভ কৰিব পাৰিব ।আনহাতে দ্বিতীয় পৰ্যায়ত আত্মসহায়ক গোটৰ সদস্যাসকলে নূন্যতম ২৫,০০০ বেংক ঋণ পৰিশোধ কৰাৰ সময়ত চৰকাৰে ৫০% বা ১২,৫০০ মূলধনী ৰাজসাহায্য হিচাপে প্ৰদান কৰিব ।