UPSC পৰীক্ষাত পঞ্চম স্থান দখল কৰিলে অসম সন্তান ময়ুৰ হাজৰিকাই

Share

শেহতীয়াকৈ সমাপ্ত হোৱা ২০২২ বৰ্ষৰ কেন্দ্ৰীয় লোক সেৱা আয়োগ (UPSC) চূড়ান্ত পৰীক্ষাৰ  ফলাফল আজি ঘোষণা কৰা হয়।  কেন্দ্ৰীয় লোক সেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত উজলিল অসমৰ মেধাৱী ছাত্ৰ ময়ুৰ হাজৰিকা। তেজপুৰৰ নিৱাসী ময়ুৰ হাজৰিকাই কেন্দ্ৰীয় লোক সেৱা আয়োগ (UPSC) পৰীক্ষাত পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হয়। তেজপুৰৰ ময়ুৰ হাজৰিকাই ডনবস্ক হাইস্কুল পৰা শিক্ষা জীৱন আৰম্ভ কৰিছিল।

অসামৰিক সেৱা পৰীক্ষা. ২০২২ চনৰ ছেপ্তেম্বৰত ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিচনৰ দ্বাৰা অনুষ্ঠিত লিখিত পৰীক্ষা আৰু ২০২৩ৰ  জানুৱাৰী পৰা মে মাহত অনুষ্ঠিত হোৱা মৌখিক সাক্ষাৎকাৰৰ ফলাফলৰ ওপৰত  ভিত্তি কৰি ময়ুৰ হাজৰিকাই পঞ্চম স্থান লাভ কৰে। 

এই বছৰ কেন্দ্ৰীয় লোক সেৱা আয়োগ (UPSC) ৰ বিভিন্ন চৰকাৰী সেৱাত নিযুক্তিৰ বাবে মুঠ ৯৩৩ জন প্ৰাৰ্থীক পৰামৰ্শ দিয়া হৈছে । উল্লেখ্য যে ২০২২ বৰ্ষৰ কেন্দ্ৰীয় লোক সেৱা আয়োগৰ উত্তীৰ্ণ তালিকাত আৰু কেইবাগৰাকী অসম সন্তানৰ নাম উল্লেখ আছে।   

Leave a Reply

Your email address will not be published. Required fields are marked *