সলনি কৰা হ’ল অসম গ্ৰন্থমেলা ২০২৪ৰ স্থান

Share
এতিয়াৰে পৰা গ্ৰন্থপ্ৰেমী ৰাইজৰ উপস্থিতিয়ে উদুলি মুদুলি নহয় চানমাৰীৰ পদুলি। গ্ৰন্থৰ সুবাস বিচাৰি অসম গ্ৰন্থমেলাত বিগত বছৰৰ দৰে গ্ৰন্থপ্ৰেমী ৰাইজে ইখনৰ পিছত সিখন বিপনী ভিৰ নকৰে এইবাৰ চানমাৰী অভিযান্ত্ৰিক খেলপথাৰত।কিয়নো এইবাৰ  চানমাৰী অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত নহয় অসম গ্ৰন্থমেলা। চানমাৰীৰ পৰিৱৰ্তে  খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব  অসম গ্ৰন্থমেলা ২০২৪-২৫। ইতিমধ্যেই এই কথা ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।অহা ২৮ ডিচেম্বৰৰ পৰা ১১ জানুৱাৰীলৈ অনুষ্ঠিত হব অসম গ্ৰন্থমেলা।অসম প্ৰকাশন পৰিষদ আৰু অসম গোষ্ঠীৰ সৌজনত অনুষ্ঠিত হোৱা এই  অসম গ্ৰন্থমেলাখনিত ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ গ্ৰন্থপ্ৰেমীয়ে বিভিন্ন ধৰণৰ গ্ৰন্থৰ সোৱাদ ল’বলৈ সমাগত হয়।
ৰিজাৰ্ভ বেংকৰ পৰা নুনমাটি সংযোগী উৰণ সেঁতু নিৰ্মাণৰ কাম চলি থকাৰ বাবে অসম গ্ৰন্থমেলা ২০২৪-২৫ চানমাৰী অভিযান্ত্ৰিক খেলপথাৰৰ পৰিৱৰ্তে খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।উৰণ সেঁতু নিৰ্মাণৰ কাম চলি থকাৰ বাবে চানমাৰীৰ দিশটোত ব্যাপক যান-জঁটৰ সমস্যাই দেখা দিছে।যিহেতু অসম গ্ৰন্থমেলাৰ বাবে প্ৰতিবছৰে হাজাৰ হাজাৰ  লোকে আহি ভিৰ কৰা পৰিলক্ষিত হয়। কিন্তু পাৰ্কিঙৰ পৰ্যাপ্ত ব্যৱস্থা নহ’লে ব্যাপক অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে বহু সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এইবাৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰলৈ স্থানান্তৰিত কৰা হ’ল অসম গ্ৰন্থমেলা ২০২৪-২০২৫।

Leave a Reply

Your email address will not be published. Required fields are marked *