২০২৩-২৪ বৰ্ষৰ অসম গ্ৰন্থমেলা এইবাৰ অনুষ্ঠিত হ’ব শিলচৰ আৰু হাফলঙত

Share

বুধবাৰে গুৱাহাটীৰ বামুণীমৈদামস্থিত অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক যৌথ সংবাদমেলত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ২০২৩-২৪ বৰ্ষৰ অসম গ্ৰন্থমেলাৰ স্থান ঘোষণা কৰে ৷ আগন্তুক ২০২৩-২৪ বৰ্ষৰ অসম গ্ৰন্থমেলা আয়োজনৰ বাবে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই গ্ৰন্থমেলাৰ স্থান নিৰ্ধাৰণ কৰাৰ কথা উল্লেখ কৰে।  লগতে অসম গ্ৰন্থমেলাৰ স্থান নিৰ্ধাৰণ কৰি এখন প্ৰাৰম্ভিক সূচী প্ৰস্তুত কৰিছে ৷  এইবছৰ গুৱাহাটীৰ উপৰিও উত্তৰ লখিমপুৰ, শিৱসাগৰ, শিলচৰ আৰু হাফলঙতো  অসম গ্ৰন্থমেলা  আয়োজন কৰা হ’ব ৷ 

উল্লেখযোগ্য যে, অহা ১ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈকে সাতদিনীয়া কাৰ্যসূচীৰে হাফলং চহৰত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা ৷ পৰৱৰ্তী সময়ত লখিমপুৰ চহৰত ৩১ অক্টোবৰৰ পৰা ৯ নৱেম্বৰলৈকে, শিৱসাগৰত ১৮ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈকে আৰু শিলচৰত ১ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব  অসম গ্ৰন্থমেলা ৷ আনহাতে, গুৱাহাটীত অসম গ্ৰন্থমেলা ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰী ২০২৪ লৈকে চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা হ’ব বুলি অৱগত কৰে কতৃপক্ষই ৷ 

বুধবাৰৰ এই সংবাদমেলত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, সহকাৰী সচিব মুনীন্দ্ৰ চন্দ্ৰ মেধি, বিশেষ কৰ্তৱ্যৰত বিষয়া মিংকু হাজৰিকা, উপৰি সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উপ-সভাপতি বাহাৰুল ইছলাম চৌধুৰী, সাধাৰণ সম্পাদক ধীৰাজ গোস্বামী, আৰু সহকাৰী সম্পাদক প্ৰবোধ দাস উপস্থিত থাকে৷

Leave a Reply

Your email address will not be published. Required fields are marked *