আজিৰে পৰা অসম বিধানসভাৰ শৰতকালীন অধিৱেশন

Share

ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হ’ব পঞ্চদশ অসম বিধান সভাৰ শৰতকালীন অধিৱেশন ৷ পাচঁ দিনীয়াকৈ অনুষ্ঠিত হব লগীয়া বিধান সভাৰ শৰতকালীন অধিৱেশনত এইবাৰ উত্থাপিত কৰা হব ১৮ খনকৈ বিধেয়ক৷ পঞ্চদশ অসম বিধানসভাৰ এই শৰতকালীন অধিৱেশন পুৱা ৯ বজাৰ লগে লগে আৰম্ভ কৰা হৈছে  ৷

লগতে,এই অধিৱেশনক লৈ বিৰোধী দলসমূহে ইতিমধ্যে ৰণনীতি তৈয়াৰ কৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে বিধানসভাৰ অধ্যক্ষৰ বাসভৱণত বিধান সভা কাৰ্য উপদেষ্টা কমিটিৰ বৈঠক অনুষ্ঠিত কৰা হয় ৷ লগতে, মূল্যবৃদ্ধিৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক যি পৰিস্থিতি আছে সেই সন্দৰ্ভত শাসক পক্ষক জবাব দিহি কৰিবলৈ ইতিমধ্যে সাজু হৈ পৰিছে শাসক দল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *