অসমৰ জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী। অভিনেত্ৰী গৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত লাভ কৰিছে ডক্টৰেট ডিগ্ৰী। সাংসাৰিক জীৱনৰ উপৰিও অভিনয় আৰু নৃত্যচৰ্চাৰ মাজতে নিজকে আৱদ্ধ নাৰাখি নিজৰ একাগ্ৰতা আৰু ঐকান্তিক প্ৰচেষ্ঠাৰে অধ্যয়ণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত গৱেষণাৰ অন্তত সন্মাণীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। গায়ত্ৰী মহন্তৰ এই সাফল্যত তেওঁৰ অনুৰাগীৰ লগতে শুভাকাংক্ষীসকলে মোহময়ী অভিনেত্ৰী গৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে।ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই এক ফেচবুক পষ্টৰ জৰিয়তে সদৰি কৰিলে এই সন্দৰ্ভত।