ৰাজনীতিৰ মহুৰা হৈ ৰ’ল অসম চুক্তি

Share

১৯৮৫ চনত ৰূপায়িত হোৱা অসম চুক্তি বৰ্তমান সময়ত কাহানিও ক্ষয় নোযোৱা শিললৈ ৰূপান্তৰিত হৈছে ৷ প্ৰতিটো নিৰ্বাচনৰ সময়ত অসম চুক্তিক ৰাজনৈতিক হাতোৰা হিচাপে ব্যৱহাৰ কৰি আহিছে প্ৰতিখন চৰকাৰে ৷ ১৯৮৫ চনৰ ১৪ আগষ্টৰ মাজনিশা তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী, সদৌ অসম ছাত্ৰ সন্থা আৰু কেন্দ্ৰীয় গণ সংগ্ৰাম পৰিষদে দিল্লীত স্বাক্ষৰ কৰিছিল অসম চুক্তি ৷ যিখন চুক্তিৰ ৬ নং দফাত কোৱা হৈছিল অসমীয়া মানুহৰ সাংবিধানীক, বিধায়িনী ৰক্ষা কৱছৰ কথা ৷
শেহতীয়াকৈ অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা হাতত ল’ম বুলি কোৱাৰ পিছতে অসম চুক্তি ৰূপায়নৰ বাবে আশাৰ ৰেঙনি দেখিছিল ৰাইজে ৷ অৱশ্যে, কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে অসম চুক্তি ৰূপায়নৰ সৰ্বোচ্চ কৰ্তৃত্ব ৰাজ্য চৰকাৰৰ হাতলৈ ঠেলি দিয়াৰ পিছতে চুক্তিখন যেন প্ৰতিটো ৰাজনৈতিক দলৰ মহুৰা হৈ ঘুৰিছে সেই কথা প্ৰতিপন্ন হৈছে ৷
ইফালে, শেহতীয়াকৈ অসম চুক্তি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ তেওঁ কয় যে, ‘‘আছুৰ অসম চুক্তি ভুল আছিল ৷ আছু আৰু আলফাৰ দুৰ্বলতাৰ সুযোগ লৈছে চৰকাৰে ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ে অসমীয়া ভাষা বিতাড়ণৰ বাবে লোৱা সিদ্ধান্তক মানি নলয় সাংসদ নৱকুমাৰ শৰণীয়াই ৷ বড়োলেণ্ড বিশ্ব বিদ্যালয়ৰ ল’ৰা ৰজাৰ সিদ্ধান্ত বাতিল নকৰিলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ইয়াৰ ফল পাব লাগিব বুলি মন্তব্য কৰে কোকৰাঝাৰৰ সাংসদগৰাকীয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *