মিতভাষাৰ স্ৰষ্টা নগেন শইকীয়াৰ আশিস ল’লে ‘অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই

Share

হেমকোষৰ দ্বি-ভাষিক ব্ৰেইল সংস্কৰণে বিশ্ব অভিলেখ গঢ়াৰ বাবে সাদিন -প্ৰতিদিন গোষ্ঠীৰ  স্বতাধিকাৰী , তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক সম্বৰ্ধনা জনাই বিভিন্ন দল-সংগঠনৰ  মুৰব্বীয়ে । ইয়াৰ লগতে হেমকোষৰ ব্ৰেইল সংস্কৰণ প্ৰকাশৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ বাবে জয়ন্ত বৰুৱাক ৫০ৰো অধিক দল সংগঠনে সম্ভাষণ জনাই।  ইয়াৰ পুৰ্বে বৃহস্পতিবাৰে অসম সাহিত্য সভাৰ  প্ৰাক্তন সভাপতি ,যশস্বী সাহিত্যিক  ড০ নগেন শইকীয়াৰ বাসগৃহত উপস্থিত হয় জয়ন্ত বৰুৱা আৰু তেওঁৰ পত্নী ।

ড০ নগেন শইকীয়াই হেমকোষক  দ্বি-ভাষিক ব্ৰেইল সংস্কৰণ প্ৰকাশৰ বাবে   জয়ন্ত  বৰুৱাক শুভেচ্ছা  আৰু অভিনন্দন জ্ঞাপন কৰাৰ লগতে  তেওঁক এখন পাটৰ গামোচাৰে সম্ভাষণ জনায় ।  ড০ শইকীয়াৰ আদৰ সম্ভাষণ গ্ৰহণ কৰি  জয়ন্ত বৰুৱাই পত্নীসহ যশস্বী সাহিত্যিক গৰাকীক  এখন পাটৰ গামোচাৰে বিষিষ্ট  সম্ভাষণ  জনাই ।

উল্লেষযোগ্য যে , হেমকোষৰ ব্ৰেইল সংস্কৰণৰ আগকথা লিখিছিল ড০ নগেন শইকীয়াই । লগতে হেমকোষৰ দ্বিভাষিক ব্ৰেইল সংস্কৰণ প্ৰকাশৰ বাবে জয়ন্ত বৰুৱাক  উৎসাহিত কৰিছিল শইকীয়াই ।  তাৰ পিছত ডুমডমাৰ এক ৰাজহুৱা  অনুষ্ঠানত অংশ লৈছিল জয়ন্ত বৰুৱাই  সেই অনুষ্ঠানত তেখেতক  সাহিত্যিক  যোগেশ দাসৰ সোঁৱৰণী বটাৰে  সন্মানিত কৰে । ডুমডুমা ৰাজহুৱা  ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিৰ মভাপতি ডা:প্ৰণৱজ্যোতি ডেকাৰ সভাপতিত্বত অনুষ্ঠিত বটাঁ বিতৰণী ,মুকলি সভা আৰু সম্বৰ্দ্ধনা অনুষ্ঠানত বৰুৱাদেৱক সম্বৰ্ধনা পত্ৰ, স্মাৰক ,গামোচা,চেলেং,শৰাই আৰু পাগুৰিৰে উদযাপন সমিতিয়ে সন্মানিত কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *