অসম সাহিত্য সভা কেৱল মাত্ৰ এটা অনুষ্ঠান নহয় ই অসম আৰু অসমীয়াৰ আৱেগ । ১৯১৭ চনত যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত জন্ম লাভ কৰা জাতীয় জীৱনৰ আয়ুস ৰেখা স্বৰূপ অসম সাহিত্য সভাৰ আজিৰ তাৰিখত নিজৰ স্বাভিমান আৰু মৰ্যাদা দিনক দিনে হ্ৰাস পাইছে । তাৰবাবে কিন্ত জগৰীয়া অসম সাহিত্য সভাই । বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্নয় ভূমি এই খন অসমত বড়ো, ৰাভা , তিৱা , কাৰ্বি , সোণোৱাল কছাৰী আহোম , কোচ আটাইবোৰ জাতি জনগোষ্ঠীক লৈ জন্ম হৈছিল অসম সাহিত্য সভা । কিন্ত বৰ্তমান বড়ো সকলে পৃথক কৈ বড়ো সাহিত্য সভা, তিৱা সকলে তিৱা সাহিত্য সভা ৰাভা সকলে ৰাভা সাহিত্য সভা ইত্যাদি গঠন কৰি নিজকে জনগোষ্ঠীয় ঐকতাৰ পৰিচয় দিছে । কিন্ত এই খিনিতে প্ৰশ্ন হয় অসম সাহিত্য সভাই কিয় এই আটাইবোৰ জাতি জনগোষ্ঠীক লৈ আগবাঢ়িব নোৱাৰিলে ? নে অসম সাহিত্য সভাৰ একনায়কত্ববাদৰ বাবে বড়ো সকলে পৃথককৈ বড়ো সাহিত্য সভা , ৰাভা সকলে ৰাভা সাহিত্য সভা জন্ম দিবলৈ বাধ্য হল । শতবৰ্ষ গৰকা এই অনুষ্ঠানটি আজিও বিৰ্তকই পিছ নেৰা হৈছে । সভাপতিৰ নিৰ্বাচনৰ পৰা আদি কৰি পুথি প্ৰকাশলৈ সকলোতে বিৰ্তক ।জাননী দিয়ে দায়িত্ব সামৰা অসম সাহিত্য সভাই সময়ে সময়ে অসমীয়া ভাষা বাধ্যতা মুলক হব লাগে বুলি জাননী দি আহিছে। কিন্ত জাননী দিলেই অসম সাহিত্য সভাৰ দায়িত্ব শেষ নহয় । প্ৰকৃতাৰ্থত অসমীয়া ভাষা প্ৰসাৰ আৰু প্ৰচাৰ কৰিবলৈ হলে অসম সাহিত্য সভাই হাতে-কামে কাম কৰিব লাগিব । ইয়াৰ অৰ্থ এইটো নহয় যে, অসম সাহিত্য সভাৰ সন্মানীয় সদস্য সকলে ইংৰাজী ভাষাত লিখা ফলক সমূহত বছৰেকত এদিন ক’লা ৰং লগাই দিলেই অসমীয়া ভাষা ৰক্ষা হয় । শেহতীয়াকৈ অসম সাহিত্য সভাই ৰাজ্যৰ ১০ খন বিশ্ববিদ্যালয় আৰু কেইবাখনো মহাবিদ্যালয়লৈ চৰকাৰী ভাষাৰূপে অসমীয়া ভাষা ব্যৱহাৰ কৰাটো বাধ্যতামুলক সন্দৰ্ভত নিৰ্দেশ জাৰী কৰিছে । ইয়াৰ পুৰ্বেও অসম সাহিত্য সভাই এনেধৰণৰ জাননী প্ৰকাশ কৰি আহিছে । কিন্ত যেতিয়ালৈ অসমীয়া মানুহে অসমীয়া ভাষা নিজেই ব্যৱহাৰ নকৰিব অসমীয়া মানুহে অসমীয়া ভাষা প্ৰথম স্থান নিদিব তেতিয়ালৈ কিন্তু অসমীয়া ভাষা ব্যৱহাৰৰ বাবে অসম সাহিত্য সভাই যিমানেই জাননী নিদিয়ক তেতিয়াও কিন্ত অসমীয়া ভাষা আৰু সংস্কৃতি অস্তিত্বৰ সংকতত ভুগিব । আজিও অসম সাহিত্য সভাৰ এনে কিছুমান সন্মানীয় সদস্য আছে যাৰ লৰা – ছোৱালী ইংৰাজী ভাষাৰ মাধ্যমত অধ্যয়ণ কৰে আৰু ইংৰাজী ভাষাক প্ৰথম ভাষা হিচাপে স্থান দিয়ে । এনেদৰে কিন্ত জাতিৰ ভৱিষ্যত সুৰক্ষিত নহয় । বিশ্ববিদ্যালয় সমুহত অসমীয়া ভাষা আৰু সংস্কৃতি জীয়াই ৰাখিবলৈ হলে অসম সাহিত্য সভাই ছাত্ৰ-ছাত্ৰীৰ মনত অসম সাহিত্য সভাৰ প্ৰতি আস্থা আৰু বিশ্বাস আনিব পাৰিব লাগিব । কিন্ত আজিৰ তাৰিখলৈ সেই বিশ্বাস দিব পৰা নাই অসম সাহিত্য সভাই । জাননী প্ৰেৰণ কৰাৰ বিপৰীতে প্ৰত্যেক খন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় সমূহত অসম সাহিত্য সভাই নতুন শাখাৰ সৃষ্টি কৰি উঠি অহা প্ৰজন্মটোক ভাষা আৰু সংস্কৃতিৰ প্ৰতি সচেতন কৰি তোলা উচিত তেতিয়াহে অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰ হব । জাতিক ভালপোৱা মানুহে অসম সাহিত্য সভাকো ভালপায় কিন্ত তাৰ বিশ্বাস দিব পৰা নাই অসম সাহিত্য সভাই । বিৰ্তকবোৰ ত্যাগ কৰি অসম সাহিত্য সভাই জাতিৰ ভাষা আৰু সংস্কৃতি ৰক্ষাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰক , তেতিয়াহে আমি সকলোৱে মিলি ক’ব পাৰিম “চিৰ চেনেহী মোৰ ভাষা জননী”।
মুন তালুকদাৰ