অৰুণাচলত শীঘ্ৰেই নিৰ্মাণ হৈ উঠিব বিশ্বৰ সবাতোকৈ দীঘল সুৰংগ

Share
ডিজিটেল ডেস্ক,৬ এপ্ৰিলঃ নিৰ্ধাৰিত সময়ৰ পূৰ্বেই নিৰ্মাণ সম্পূৰ্ণ হব অৰুণাচল প্ৰদেশৰ চেলা সুৰংগ পথ। বিশ্বৰ দীৰ্ঘতম এই সুৰংগটো আছে প্ৰায় ১৪ হাজাৰ ফুট উচ্চতাত। উল্লেযোগ্য যে টাৱাংৰ পৰা পশ্চিম কামেং জিলা সংযোগী পথৰ ওপৰত সুৰংগটো নিৰ্মাণ কৰা হৈছে। এই সুৰংগটোৱে অৰুণাচলৰ পৰ্যটন খণ্ডক প্ৰভাৱিত কৰাৰ উপৰি চীনৰ দৰে চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা ভাৰতৰ নিৰাপত্তাজনিত কাৰণতো বিশেষ ভূমিকা পালন কৰিব।
দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিব লগা চেলা সুৰংগটোৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে যাতায়তৰ সময় কমিব প্ৰায় এঘণ্টা। বিশেষকৈ ভাৰত- চীন সীমান্তৰ দুৰ্গম অঞ্চলত দেশ সুৰক্ষাৰ হকে সেৱা আগবঢ়োৱা সেনা- বাহিনীৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰীকে ধৰি সকলো সামগ্ৰীৰ সৰবৰাহ সহজ হৈ পৰিব। সেনা – বাহিনীকে ধৰি সকলো লোকেই ব্যৱহাৰ কৰিব পাৰিব এই সুৰংগটো। তথ্য অনুসৰি সুৰংগ তথা পথটিয়ে বৰ্তমান তেজপুৰত অৱস্থিত ভাৰতীয় সেনাবাহিনীৰ মুখ্য কাৰ্য্যালয়ৰ পৰা ভাৰত- চীন সীমান্তৰ সকলো পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব। ২০১৮ বৰ্ষত ঘোষণা কৰা এই প্ৰকল্পটোত মুঠ তিনিটা পৃথক সুৰংগ নিৰ্মাণ কৰা হৈছে। জানিব পৰা মতে চলিত বৰ্ষৰ জুন মাহত ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা আছে।
          

Leave a Reply

Your email address will not be published. Required fields are marked *