অৱশেষত গুৱাহাটী আহি পালে শিল্পী জুবিন গাৰ্গ, চিকিৎসালয়ত কেনেদৰে ৰখা হৈছে শিল্পীগৰাকীক ?

Share

নিউজ ডেস্ক,২১ জুলাইঃ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে হঠাত অসুস্থ হৈ পৰা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক এয়াৰ এম্বুলে়ঞ্চৰ জৰিয়তে বুধবাৰে সন্ধিয়া ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ অনা হয় । সন্ধিয়া প্ৰায় ৬ বাজি ১০ মিনিটত অসমবাসীৰ হিয়াৰ আমঠুগৰাকীক গুৱাহাটীৰ আয়ুৰসূন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হয়। লগে লগে জুবিনৰ স্বাস্থ্যৰ প্ৰয়োজনীয় সকলো পৰীক্ষা আৰম্ভ কৰা হয়। প্ৰাৰম্ভিক পৰীক্ষা সমূহৰ মতে জুবিনৰ স্বাস্থ্য বৰ্তমান সংকটমুক্ত।

কৰ্তৃপক্ষই জনোৱা মতে, তেখেতৰ স্বাস্থ্যক লৈ কিছু চিন্তাৰ কাৰণ আছে, কিন্তু ভয় খোৱাৰ প্ৰয়োজন  নাই। তেওঁৰ জিৰণীৰ প্ৰয়োজন আছে, হাই প্ৰেচাৰ, হাৰ্ট বিট বেছি আছে। আয়ুৰসূন্দ্ৰা হাস্পতালত চিটি স্কেন আৰু এম আৰ আই বৃহস্পতিবাৰে কৰা হব। প্ৰয়োজন হলে বাহিৰৰ চিকিৎসক অনা হব বুলি জনায় হাস্পতাল কৰ্তৃপক্ষই । 

আঁচলতে জুবিন পিছলি পৰিছিল নে, মুৰ ঘূৰাই পৰিছিল সেয়া চিন্তনীয় বিষয়। পৰীক্ষাবোৰৰ পিছত গম পোৱা যাব বুলি মন্তব্য় কৰিছে  চিকিৎসকসকলে । 

Leave a Reply

Your email address will not be published. Required fields are marked *