পৰিভ্ৰমী চৰাইৰ আগমন কাজিৰঙাত

Share
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্তমানৰ মন পৰশা দৃশ্যই আপ্লুত কৰিছে সকলোকে।বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাইৰ কোলাহলত মুখৰিত কৰিছে কাজিৰঙাৰ জলাশয় সমূহ।এই দৃশ্য উপভোগ কৰিছে পথাচাৰী সকলে।কিন্তু আন কেইবাৰৰ দৰে এইবাৰৰ চৰাইৰ সংখ্যা কিছু কম হোৱা দেখা গৈছে।ইয়াৰ কাৰণ জলবায়ু পৰিবৰ্তন বুলি ধাৰণা কৰিছে অভিজ্ঞ মহলে।তথাপিও যেন কাজিৰঙা ৰাষ্ট্ৰয় উদ্যানৰ দৃশ্য কম হোৱা নাই।ৰাছিয়া,নেদাৰলেণ্ড,ইউৰোপৰ উপৰি হিমালয়ৰ পাদদেশৰ পৰা অহা আলহী পক্ষীয়ে মনোমোহা ৰূপ দিছে ৰাষ্ট্ৰীয় উদ্যানখনত।বিভিন্ন ধৰণৰ পৰীভ্ৰমী পক্ষীৰ লগতে স্পোনবিল ডাক,পেইণ্টড স্টকৰ দৰে কিছু সংখ্যক ব্যতিক্ৰমী পক্ষীও দেখিবলৈ পোৱা গৈছে এইবাৰ ৰাষ্ট্ৰীয় উদ্যানখনত।

Leave a Reply

Your email address will not be published. Required fields are marked *