তিনিচুকীয়াৰ পেঙেৰীত সেনা-আৰক্ষীৰ অভিযান, গুলীবিদ্ধ এজন যুৱক

Share

তিনিচুকীয়াৰ পেঙেৰীত আলফাৰ বিৰুদ্ধে  সেনা-আৰক্ষীৰ অভিযান ।  বিশেষ শাখাৰ  সঞ্চালক  জিতমল দলেৰ নেতৃত্ব চলোৱা  হৈছে অভিযান, অভিযানত গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হয় এজন যুৱক। আহত যুৱকজন পেঙেৰী খাটাংপানীৰ অমৃত মুখীয়া বুলি জানিব পৰা গৈছে। ইতিমধ্যে আহত যুৱকজনক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে সোধা-পোছা অব্যাহত ৰাখিছে তিনিচুকীয়া আৰক্ষীয়ে। যুৱকজন আলফাৰ সৈতে জড়িত হয়নে নহয় সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীৰ ফালৰ পৰাও এই সন্দৰ্ভত এই মুহূৰ্তলৈ কোনো তথ্য প্ৰকাশ কৰা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *