ইজনে সিজনৰ গালৈ জুমুঠি নিক্ষেপ কৰি কৰে আৰাধনা দেৱীৰ…

Share

ডিজিটেল ডেস্ক, ২৫ এপ্ৰিল:মাংগালুৰুৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত কৰ্ণাটকৰ কাটিল চহৰৰ প্ৰাচীন মন্দিৰ দুৰ্গাপৰমেশ্বৰী মন্দিৰত অতীজৰে পৰা অক্ষুণ্ণ ৰখা হৈছে  অগ্নিখেলি পৰম্পৰা ৷

প্ৰতি বছৰে দক্ষিণ কানাড়া জিলাৰ নন্দিনী নদীৰ মাজত এটা আইলেটত অৱস্থিত দুৰ্গাপৰমেশ্বৰী মন্দিৰৰ উৎসৱৰ সময়ত অনুষ্ঠিত হয়।

অতীজৰে পৰা কাটিল চহৰৰ লোক আৰু চুবুৰীয়া গাঁও আথুৰ আৰু কোডাথুৰৰ লোকসকলৰ মাজতে সীমাবদ্ধ থকা থুথেধাৰা বা অগ্নি খেলি নামৰ পৰম্পৰা অনুসৰি দুৰ্গাপৰমেশ্বৰী মন্দিৰৰ শ শ ভক্তই ইজনে সিজনৰ ওপৰত জলন্ত জুমুঠি দলিয়াই।

এই পৰম্পৰা অত্যন্ত বিপজ্জনক হ’লেও অতীজৰে পৰা পালিত হৈ আহিছে।সামাজিক মাধ্যমত প্ৰকাশ পােৱা এটা ভিডিঅ’ত পৰিলক্ষিত হৈছে যে, উপাসকসকলে কেৱল এখন ধূতি পৰিধান কৰি খালী গাৰে ইজনে আনজনলৈ জুমুঠি নিক্ষেপ কৰিছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *