নাগালেণ্ডৰ ৰাজ্যসভাৰ একমাত্ৰ আসনখনৰ বাবে বিজেপিৰ প্ৰাৰ্থী এছ ফাংনন কন্যাক সোমবাৰে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে । সোমবাৰে ৰাজ্যসভাৰ আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী এছ ফাংনন কন্যাকে মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছত নাগালেণ্ডৰ এন ডি পি পি আৰু এন পি এফ কোনো এটা ৰাজনৈতিক দলে ৰাজ্যসভাৰ আসনৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়োৱাত তেওঁ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয়।
১৯৭৭ চনত লোকসভালৈ এম থাইছাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত নাগালেণ্ডৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী এছ ফাংনন কন্যাক ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা দ্বিতীয় গৰাকী মহিলা । এছ ফাংননক সমৰ্থন কৰাৰ সন্দৰ্ভত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৱে কয় যে, যিহেতু ২০১৯ চনৰ লোকসভাৰ নিৰ্বাচনত বিজেপিয়ে এন ডি পি পি দলৰ প্ৰাৰ্থী গৰাকীক সমৰ্থন আগবঢ়োৱা বাবে এইবাৰ ৰাজ্যসভাৰ আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী এছ ফাংনন কন্যাক সমৰ্থন কৰে । স্মৰ্তব্য যে, অহা ৩১ মাৰ্চত নাগালেণ্ডৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনৰ নিৰ্বাচন হোৱাৰ কথা আছিল ।